লিমাৰিক
মামণি পাপৰি বৰুৱা বৰা
১
গোবিন্দ প্ৰভুৰ থানত ফাকুৱা মেলা
সেয়ে আৰোহীৰ ঘৰুৱা কামত হেলা
মাকে পাৰিছে গালি
তাই যে ধৰিছে চালি
কাপোৰ বিচাৰি উলিয়াই গ’ল বেলা।
২
মাকৰ গালি খাই লৰাঢপৰা কৰে
বাটত যে খোজ দি উজুটি খাই পৰে
বিৰেনে সানিলে ফাকু
চেনেহী তুমি মোৰ বুকু
তোমাক দেখিলে মোৰ ভালপোৱা চৰে।
