লিমাৰিক
মামণি পাপৰি বৰুৱা বৰা,কলিয়াবৰ
১
অসমীয়া সমাজত প্ৰচলিত নীতি
কামাখ্য ধামত দুৱাৰ বন্ধ আমতি
পাঁচটা দিনৰ মেলা
নকৰে কোনেও হেলা
শেষত সকলোৱেই জনাই প্ৰণতি।
২
সুদিৰৰ দিনা খাবলৈ কঁঠাল আনে
সোলোপ সোলোপকৈ কঁঠাল খায় বানে
গাত হয় ঔ ঘামচি
ভৰাই থোৱা কলচি
সেই চেঁচা পানী আকৌ আনি দিয়ে ধনে।