লিমাৰিক – মামণি পাপৰি বৰুৱা বৰা

লিমাৰিক

মামণি পাপৰি বৰুৱা বৰা,কলিয়াবৰ

ঐ ফাগুন আহিছে খেলি মেলি চৌপাশ
বতাহ উটিছে দেই ফুলৰ সুৱাস
ধূলিয়ে পকাই নিছে
চৰ্দি কাহঁ ও আহিছে
ঘৰ গছ পাত বাহ পাতৰ নিবাস ।

তথাপি ফাগুন মোৰ প্ৰেমৰ দাপোন
ফাগুন বেলা খুবেই আছিল আপোন
নতুন এটা জীৱন
সাৱটি নৱ যৌৱন
চঞ্চল ভাৱেৰে যে সাঁচিছিলো সপোন।