লিমাৰিক – মামণি পাপৰি বৰুৱা বৰা

লিমাৰিক

মামণি পাপৰি বৰুৱা বৰা
কলিয়াবৰ

শাকনি বাৰিলৈ গৈ মই আনিলো শাক
মাছ বাচি দি ৰান্ধিবলৈ যে ক’লো মাক
মাছ বোৰ আকৌ গেলা
মায়ে ক’লে মাছ পেলা
মই ক’লো পিয়াঁজ দি ভাজি লগা পাক।

গেলা মাছৰ কাঁইট গুচাই শাকত
দিয়কচোন আপুনি জুইৰ ভাপত
লগত দিব মচলা
অকণমান পচলা
জলকীয়া তেলেৰে উঠিব যে পাকত।