লিমাৰিক – বীনা গোস্বামী

লিমাৰিক

বীনা গোস্বামী,শিৱসাগৰ আমোলাপট্টি,বেজবৰুৱা চুক 

(১)
মানুহে শিৱৰাত্ৰি মেলা চাবলৈ যায়
ৰাষ্টাৰ কাষতে থকা লাৰু কিনি খায়
লাৰু খাই নিচা ধৰে
ৰাষ্টাতেই ঢলি পৰে
ঢ়ুকালে বুলি মানুহে ঘুৰি ঘুৰি চায় ।

(২)
শিৱৰাত্ৰিত বস্তু কিনিবলৈ সোমালো
মানুহৰ ভিৰত লুটিখাই পৰিলোঁ
চেণ্ডেল জোৰো চিঙিল
ভৰি এটাও ভাঙিল
শিৱৰাত্ৰিলৈ নাযাও কাণত ধৰিলো।