লিমাৰিক – বীনা গোস্বামী

PC - Shutterstock

লিমাৰিক

বীনা গোস্বামী,
শিৱসাগৰ আমোলাপট্টি

১/লগৰীয়াৰ লগত পূজা চাব গলো
বৰষুণে পালেযে মণ্ডপতে সোমালো
বহি চেল্ফিকে তুলিলো
ষ্টেট্টাচত দিয়ে দিলোঁ
সকলোৱে চালে কমেণ্ট বহুত পালো।

২/ঘৰ দুৱাৰ হ’ল, বহুত টকা গ’ল
জীৱনত সুখ বস্তুটো পোৱা নগ’ল
টকাই নহয় শান্তি
কৰাব লাগিব মান্তি
ভাবি চিন্তি থাকোঁতেই জীৱনেই গ’ল।