লিমাৰিক  – বীনা গোস্বামী

PC - Britannica

লিমাৰিক 

বীনা গোস্বামী, শিৱসাগৰ আমোলাপট্টি 

১/ বাৰিষা হ’লে বোকা পানীৰে ভৰপূৰ
পানী পায়গৈ ঘৰৰ মূধচৰ মূৰ
বয় বস্তু উটি যায়
হাহাকাৰ লাগি যায
মানুহে উপায় নাপায় চলায় ভূৰ।

২/ বজাৰত বস্তুৰ যি জুইছাই দাম
কি ল’ম কি খাম ভাৱিয়েই ৰাম ৰাম
তথাপিও আনো কিনি
চাউল দাইল চেনি
এনেকৈ কিমান দিন খাব পাৰোঁ চাম ।