লিমাৰিক ( প্ৰেম)
বাহাৰুল ইছলাম
বালিজান , মৰিগাঁও
(১)
অনেকক সিঁচিলা ভালপোৱাৰ জাল
নিজে নিজে খান্দিলা এক গভীৰ খাল
প্ৰেয়সীয়ে ল’লে টাঙোন
ধৰিলে প্ৰেমত ভাঙোন
এই লৈ ছলনা কৰা জানো খুবেই ভাল?
(২)
প্ৰেমত পৰিলে ৰঙীন দেখা যায়
বিফল হ’লে বিষাদে নিতৌ খায়
প্ৰেমত নপৰে কোন?
বুঢ়া-বুঢ়ীও নেৰেচোন
ছলনাত অনেকেই কৰে হায় হায়।
(৩)
ভালপোৱা মানে যদি অভিনয় হয়
প্ৰেমৰ প্ৰতিটো খোজতেই হ’ব ভয়
হিয়া দিয়া আৰু নিয়া
যি প্ৰেমত নাই বিয়া
তেনে প্ৰেমত পৰিলে হ’বই ক্ষয়।