লিমাৰিক – নিৰ্মালি কাকতি

PC - Pixabay

লিমাৰিক

নিৰ্মালি কাকতি
নগাঁও জৰাবাৰী

১/

পূজা চাম বুলি ল’লো বেনাৰসী শাৰী
বগা শাৰীখনত আছিল ৰঙা পাৰি
বিউটি পাৰ্লাত গ’লো
চুলি চুটিকৈ কাটিলো
উজুটি খালো শাৰীখন আছিল ভাৰী।

২/

খোজ কাঢ়ি কাঢ়িয়ে গ’লো পূজা চাবলৈ
বিলাসী গাড়ীও যে নাই উঠি যাবলৈ
স্কুল দিনৰে বান্ধৱী
তাইৰ নাম মাধৱী
লগ পাই দুয়ো গ’লো চিনেমা চাবলৈ ।