লিমাৰিক – নিৰ্মালি কাকতি

লিমাৰিক

 নিৰ্মালি কাকতি
নগাঁও জৰাবাৰী

১/

গৰম বন্ধত যাম মামাৰ ঘৰত
আইতা সাধু শুনিম নিশা জোনাকত
মামা লগত ধেমালি
মাহীৰ নাম পুতুলি
ঘোঁৰা গাড়ী উঠিম ঐ ককাৰ পিঠিত ।

২/

মামীয়ে ৰান্ধিলে খাই লাগে বৰ জুতি
গাঁৱলীয়া ছোৱালী নাম তাই জেউতি
হাঁহ-কোমোৰাৰ জোল
খায় যাওঁ আমি ভুল
ভাজলী শিপিনী তাই কাঢ়ে তাঁত বাটি।