লিমাৰিক – টুটু মনি বৰা চুতীয়া

PC - Vecteezy

লিমাৰিক

টুটু মনি বৰা চুতীয়া
বিশ্বনাথ চাৰিআলি

১/
বাৰিষা বৰষুণ নেৰানেপেৰা হ’ল
সূৰ্য দেৱতাই যে ৰ’দ নিদিয়া হ’ল
জান জুৰি ভৰি গ’ল
নৈ বিল উপচি ৰল
সেই বৰষুণতে বানপানী হৈ গ’ল ।

২/
বানপানী য়ে বহুত ধ্বংস কৰিছে
জীৱ জন্তু বোৰৰ বিলৈ নোহোৱা হৈছে
পশু-পক্ষীও মৰিছে
গছ গছনি ভাগিছে
মানুহৰ যে দুৰ্দশা দুগুণে বাঢ়িছে।
৩/
বতৰৰ ফলমূল বতৰত খাবা
খৰালিৰ ফলমূল যে কিনোতে চাবা
আম কঁঠাল যে জাম
পেট ভৰাই যে খাম
বাৰিষাত ফল খলে গাত বল পাবা।