লিমাৰিক – জয়া শৰ্মা

লিমাৰিক

জয়া শৰ্মা
ডিব্ৰুগড়

(১)

আহাৰ মাহৰ বানে জুৰুলা কৰিলে
ঘৰ দুৱাৰ সকলো উটুৱাই নিলে
হাহাঁকাৰ বানাক্ৰান্ত
মন হয় যে অশান্ত
প্ৰকৃতিয়ে ৰুদ্ৰ ৰূপ দেখুৱাই দিলে ॥

(২)

কৃত্ৰিম বানত যে ডিব্ৰুগড় চহৰ
এইখনেই যে আমাৰ মহানগৰ
কেওফালে পানী পানী
এৰিলে বান্ধৰ পানী
লাগি গ’ল উত্তৰপাৰত হাহাঁকাৰ ॥