লিমাৰিক-চাৰু বৰুৱা

pc- Audible.Com

লিমাৰিক
( ১ )

লুটিয়াই থাকে মাথোঁ কিতাপৰ পৃষ্ঠা
পঢ়াৰ নামত নাই তিলমানো নিষ্ঠা
ভজা বুট আলু চাট
দেখিলে ওলায় মাত
সঁচা কওঁ যদি , তাই মোৰেই কনিষ্ঠা ।

( ২ )

চিৰা মুড়ি পিঠাগুৰি দেখিলে পলায়
‘ঝাল মুড়ি , পানী পুৰি’ পালে তৎ নাই
মনে মনে ধন ল’ই
কাম আছে বুলি ক’ই
বাই-ভনী দুয়ো গ’ই চাওমিন খায় ।

( ৩ )

ছপেকেট চানা আনি মনে মনে খাই
পেটৰ বিষত কান্দে কনকচম্পাই
খঙে-ৰাগে বকে মাকে
দেউতাকে ভাবি থাকে
‘চাওঁচোন আজি তোৰ কি হয় বিলাই !’

চাৰু বৰুৱা