লিমাৰিক
উমা দেৱী
১)
সাতো ৰঙে মোহনীয়া আনন্দৰ মেলা
শ্ৰী কৃষ্ণ ঘুনুচাৰ বিয়া হলী যে খেলা
সভাত পলাশ ৰঙে
লক্ষ্মী উঠিল যে খঙে
বিয়া কৰাব গৈ নাহিল যে অত বেলা।
২)
ৰঙা, নীলা ,হালধীয়া ফাকুৰে বোলোৱা
লৰালৰি ঘুনুচাক কাপোৰে সজোৱা
হলী খেলে ৰঙ্গে মনে
আহা সবে লোৱা সঙ্গে
ফাকু খেলি যাব কৃষ্ণ লক্ষ্মীক বুজোৱা।
