লিমাৰিক – উমা দেৱী

লিমাৰিক

উমা দেৱী

১)
ৰাতি মাংস ভাত খাই শুৱলৈ গলো
হঠাতে চোৰ এটা দেখি থমকি ৰলো
কেনেকৈ সোমাল ঘৰ
মোক দেখি মাৰে লৰ
তাক ধৰিব যাওঁতে উজুতিহে খালো।

২)
চোৰ লৰি গৈ গেট পাৰ হৈয়ে যে গ’ল
পিন্ধি অহা ক’লা সাজ গেটতে থৈ গ’ল
গৃহস্থ আহি নাপায়
গেট পাৰ হৈয়ে পায়
হায় বিধি বুলি গৃহস্থ টোপনি গ’ল।