লিমাৰিক – উমা দেৱী

লিমাৰিক

উমা দেৱী,মৰিগাঁও

১)

চোৰ আহি সিন্ধি দি গোটালে কাঁহি-বাতি
গৃহস্থ সাৰ পোৱাত হ’ল লটি-ঘটি
গৃহস্থ লাগিল শৌচ
চোৰ দেখি কলে ঐচ
ৰাইজ আহি তাৰ দিলে আঙুলি কাটি।

২)

মাৰ খাই চোৰে দেখিলে ৰাং কুকুৰ
চোৰক কামোৰে বুলি কঁপনি বুকুৰ
এৰিলে যে তাৰ সাজ
কুকুৰে নেৰিলে পাছ
পুলিচত দিব বুলি ভয়ত আতুৰ।