লিমাৰিক – আৰতি ডেকা

istock

লিমাৰিক

আৰতি ডেকা,হেঙেৰাবাৰী

১/
মেঘৰ গিৰ্জনী বৰ্ষাৰ আগজাননী
বসন্ত ঋতুত কুলি চৰাই বিননী
ব’হাগ মাহ আহিল
কেতেকী ফুল ফুলিল
ঢোল পেপাৰ মাতে কপাইছে ধৰণী !!

২/
বহাগতে ধৰণী জীপাল হৈ উঠিল
কঠালৰ মুচি গছৰ ঠাল ভৰিল
তাঁতশালৰ গামোচা
শিপিনীয়ে বুটাবছা
বিশ্ব দৰবাৰত গামোচা জিলিকিল !!