লিমাৰিক
অনিমা মাধৱ বৰঠাকুৰ
(১)
ফাগুনৰ পূৰ্ণিমাত খেলে যে ফাকুৱা
ফাকুখেলি সকলো হ’ল যে ৰঙচুৱা
ফাকু খেলে আনন্দৰে
সম্প্ৰীতিৰ বান্ধোনেৰে
ফাকু খেলি ৰুণজুন হ’ল ভাগৰুৱা
(২)
“লিমাৰিক”
ফাকুৰ ৰঙেৰে আকাশ খন ৰাঙলী
ফাগুৱা খেলে আনন্দেৰে ল’ৰা,ছোৱালী
ফাগুন ৰাঙলী হ’ল
মন প্ৰাণ ভৰি গ’ল
ফাগু খেলি উভতে ঘৰলৈ অলি,লিলি
