লিমাৰিক – অনিমা ভূঞা কাকতি

লিমাৰিক

অনিমা ভূঞা কাকতি
নগাঁও (অসম)

১।
শৰতৰ জোনাক ৰাতি শেৱালি ফুলে
তাৰে গোন্ধই চৌদিশে বিয়পাই দিলে
ৰাতি পুৱা সৰি থাকে
নিয়ঁৰতে তিতি থাকে
ধৰিত্ৰীৰ বুকু শুৱনি কৰি তুলিলে।
২।
কঁহুৱা ফুলবোৰ নৈ পাৰত ফুলিছে
বতাহতে হালি জালি কি কথা পাতিছে
নদী পাৰত ফুলিলো
বাঁহি সুৰত নাচিলো
বাটৰুৱাই দেখিয়েই ৰৈ ৰৈ হাঁহিছে।