লিডুৰ কয়লাখনিত তিনি শ্ৰমিকৰ মৃত্যু

লিডুৰ কয়লাখনিত তিনি শ্ৰমিকৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- তিনিচুকীয়াৰ লিডুৰ কয়লা খনিত গেছ নিৰ্গত হোৱাৰ ফলত তিনিজন শ্ৰমিক নিহত হয় আৰু আন কেইবাজনো গুৰুতৰভাৱে আহত হয়। উক্ত ঘটনাটো কংগ্ৰেছ ফিল্ডৰ ওচৰৰ এটা কয়লা খনিত সংঘটিত হৈছে। ইপিনে, মৃতসকলক ছাহিদুল ইছলাম, হুছেইন আলী আৰু আছমত আলী বুলি চিনাক্ত কৰা হৈছে। নিহত দুই শ্রমিকৰ ঘৰ যোগীঘোপাত।আনজনৰ ঘৰ গোৱালপাৰাৰ বগুৱানত।