লিগাঙৰ গান
দৰ্শিতা নেওগ, যোৰহাট
ফাগুনৰ ৰঙীন বতাহত আহে
লিগাঙৰ আনন্দৰ বেলি,
ঢোলৰ মাতত কঁপি উঠে
গাঁওখনিৰ সেউজীয়া ঢলি।
মিচিং লোকৰ মৰমৰ উৎসৱ,
নাচে গানে মিলি যায় প্রাণ,
গুমৰাগ নাচত কঁপি উঠে
মাটিৰ বুকুৰ স্পন্দন ধ্যান।
নতুন বীজ ৰোপণৰ আশাত
হাত মেলি প্ৰাৰ্থনা কৰে,
আকাশে চায়, মাটিয়ে হাঁহে
সপোনবোৰ ৰঙীন কৰে।
পিঠা, পায়স, অপঙৰ সুবাসে
ভৰি উঠে ঘৰৰ চৌহদ,
একেলগে বহি সুখৰ দুখৰ কথা
কয় সকলো গাঁওবাসীয়ে মিলি।
