লাহৰীঘাটত বাল্য বিবাহত জড়িত দুই পঞ্চায়ত সদস্যৰ পদ খাৰিজ
ৰঙিলী বাৰ্ত্তাসেৱা- লাহৰীঘাটত বাল্য বিবাহত জড়িত দুই পঞ্চায়ত সদস্যৰ পদ খাৰিজ। লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত দলৈগাঁও গাঁও পঞ্চায়তৰ ৫নং ৱাৰ্ডৰ নির্বাচিত সদস্য শ্বৰিফুল ইছলাম আৰু ৭নং ৱাৰ্ডৰ নিৰ্বাচিত সদস্যা ছামচুন নেহাৰৰ সদস্য পদ খাৰিজ ।লাহৰীঘাট সম-জিলাৰ কাৰ্যবাহী দণ্ডাধীশ প্রমোদ শৰ্মাৰ তদন্ত প্রতিবেদনৰ ভিত্তিত জিলা আয়ুক্তই খাৰিজ কৰে দুয়োৰে সদস্য পদ। মৰিগাঁও জিলা আয়ুক্ত অনামিকা তিৱাৰীয়ে নির্দেশযোগে দুয়োগৰাকী সদস্যৰ পদ খাৰিজ কৰে।