লালগণেশত ভূমিস্খলনত শিশুৰ মৃত্যু

লালগণেশত ভূমিস্খলনত শিশুৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- ৰীমালৰ প্ৰভাৱত গুৱাহাটীত অহা ধুমুহা, বৰষুণৰ ফলত সৃষ্টি হোৱা প্ৰাকৃতিক দুৰ্যোগৰ অৱসান এতিয়াও হোৱা নাই। লালগণেশত সংঘটিত হোৱা এক ভূমিস্খলনৰ ঘটনাত এটি শিশুৰ কৰুণ মৃত্যু হৈছে। লালগণেশৰ কৃষ্ণনগৰত এই ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে শিশুটি শুই থকাৰ সময়ত ঘৰৰ ওপৰত বাগৰি পৰে গাৰ্ড ৱাল। আনহাতে আহত হৈছে শিশুটিৰ মাতৃও। দিলীপ দাস নামৰ ব্যক্তিজনৰ ঘৰত সংঘটিত হোৱা এই ঘটনাই এতিয়া অঞ্চলটোত চাঞ্চল্যৰ সমান্তৰালকৈ শোকৰ ছাঁ পেলাইছে।