লালগণেশত বিধ্বংসী অগ্নিকাণ্ড

লালগণেশত বিধ্বংসী অগ্নিকাণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ লালগণেশত বিধ্বংসী অগ্নিকাণ্ড। লালগণেশৰ ফাৰ্ণিচাৰ আৰু বিদ্যুতৰ কেবলৰ গুদামত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। এই অগ্নিকাণ্ডত গুদামত থকা ফাৰ্ণিচাৰৰ সামগ্ৰী জ্বলি ভস্মীভূত হয়। ক্ষয়-ক্ষতিৰ পৰিমাণ সঠিককৈ জানিব পৰা হোৱা নাই। ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। পুৱাই প্ৰায় ৯ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড। শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে।