লালকিল্লাত ৭৯সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক লালকিল্লাত ৭৯সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে।তাৰ পাছতেই দেশবাসীক সম্বোধন কৰি স্বাধীনতা দিৱসৰ ভাষণ দিয়ে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰৰ পৰা একেৰাহে ১২ সংখ্যক বাৰ ভাষণ দি ইন্দিৰা গান্ধীৰ অভিলেখ ভংগ কৰে। স্বাধীনতা দিৱসৰ ভাষণেৰে দেশবাসীক সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে ২০৪৭ চনৰ ভিতৰত এখন বিকশিত ভাৰতৰ ৰূপৰেখা দাঙি ধৰে। লালকিল্লাত প্রধানমন্ত্রী হিচাপে মোদীয়ে দেশৰ ইতিহাসত সর্বাধিক সময় ১০৩ মিনিটৰ ভাষণেৰে অভিলেখ গঢ়ি এই ভাষণত তেওঁৰ কাৰ্যকালত চৰকাৰৰ সংস্কাৰ, আত্মনিৰ্ভৰশীলতা, কৃষকৰ কল্যাণ, মহিলা সবলীকৰণকে ধৰি বিভিন্ন বিষয়সমূহ ব্যাখ্যা কৰে। বিকশিত ভাৰত ২০৪৭ৰ সপোন পূৰণ কৰাৰ বাবে প্ৰতিগৰাকী ভাৰতীয়ক শক্তিশালীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে যুৱৰ বাবে সংস্থাপন সৃষ্টিৰ ওপৰত প্ৰাধান্য দিয়া বুলি মন্তব্য কৰে। স্বতন্ত্ৰ ভাৰতৰ পৰা সমৃদ্ধ ভাৰতলৈ সেতু শক্তিশালীকৰণৰ দিশত এক যুগান্তকাৰী পদক্ষেপ হিচাপে বৃহৎ নিয়োগ সৃষ্টিৰ পৰিকল্পনা ৰচনা কৰে প্রধানমন্ত্রী মোদীয়ে। এক লাখ কোটি টকা আর্থিক ব্যয়েৰে আঁচনি ৰূপায়ণ কৰি দেশৰ ৩.৫ কোটি যুৱক-যুৱতীসকলক লাভৱান্বিত কৰাৰ লক্ষ্যৰ বিষয়েও কয় প্রধানমন্ত্রী মোদীয়ে। বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ সংস্কাৰ, আত্মনিৰ্ভৰশীলতা আৰু প্ৰতিজন ভাৰতীয়ক শক্তিশালী কৰাৰ বাবে লোৱা দৃষ্টিভংগীকো ভাষণত উল্লেখ কৰে প্রধানমন্ত্রী মোদীয়ে। জিএছটিৰ পৰা অপাৰেচন সিন্দূৰলৈকে বর্ণনা আগবঢ়াই প্রধানমন্ত্রী মোদীয়ে ভাৰতৰ কৃষকসকলক নিৰ্ভৰশীলতাৰ পৰা আত্মনিৰ্ভৰশীল দেশৰ যাত্ৰাৰ মেৰুদণ্ড বুলি অভিহিত কৰি আৱেগিক শ্রদ্ধাঞ্জলি জনায়। ঔপনিৱেশিক শাসনে দৰিদ্ৰ কৰি তোলা দেশখনত কৃষকে অক্লান্ত প্ৰচেষ্টাৰে শস্যৰ ভঁৰাল ভৰাই জাতিৰ খাদ্যৰ সাৰ্বভৌমত্ব নিশ্চিত কৰা বুলিও কয় প্রধানমন্ত্রী মোদীয়ে। কৃষি আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত সাৰ আৰু ব্যয়ক প্রাধান্য দি মোদী চৰকাৰে কৃষকৰ কল্যাণ আৰু কৃষকৰ আয় উপার্জন দুগুণ কৰাৰ আঁচনিসমূহৰ বিষয়ে বৰ্ণনা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। আত্মনিৰ্ভৰ ভাৰত, প্রযুক্তি, উদ্যোগ শক্তিশালীকৰণৰ প্ৰসংগৰে মেড ইন ইণ্ডিয়াক দেশবাসীয়ে আন্দোলনৰ ৰূপত আগবঢ়াই নিয়াৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। মিছন সুদর্শন চক্র, কৌশলগত প্ৰতিৰক্ষা বৃদ্ধিৰ ওপৰত দেশে সফলতা লাভ কৰাৰ বিষয়ে উল্লেখ কৰি ভাৰতৰ আক্ৰমণাত্মক আৰু প্ৰতিৰোধ ক্ষমতাক শক্তিশালী কৰাৰ বাবে দেশখনৰ চহকী সাংস্কৃতিক আৰু পৌৰাণিক ঐতিহ্যৰ পৰা প্ৰেৰণা লোৱা বুলিও কয় প্রধানমন্ত্রী মোদীয়ে। পৰৱৰ্তী প্ৰজন্মৰ অৰ্থনৈতিক সংস্কাৰৰ বাবে চৰকাৰে টাস্ক ফ’ৰ্চ গঠনৰ কথাও ভাষণতে ঘোষণা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। এই টাস্ক ফ’ৰ্চ গঠনেৰে অৰ্থনৈতিক কার্যকলাপ নিয়ন্ত্ৰণ কৰা আইন, নিয়ম আৰু পদ্ধতিসমূহৰ পুনৰুদ্ধাৰ কৰা হ’ব। শক্তি আৰু পাৰমাণৱিক আত্মনিৰ্ভৰশীলতা, স্বচ্ছ শক্তিৰ ক্ষেত্ৰত দেশৰ উল্লেখযোগ্য কৃতিত্ব, মহাকাশ খণ্ডৰ স্বাধীনতা, অগ্রণী উদ্ভাৱন, উচ্চ শক্তিশালী জনগাঁথনি অভিযান, ৰাষ্ট্ৰীয় অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপে ভাৰতক বিকশিত দেশৰ দিশে আগবঢ়াই লৈ গৈ আছে বুলিও কয় প্রধানমন্ত্রী মোদীয়ে। অবৈধ অনুপ্ৰৱেশৰ ফলত সৃষ্টি হোৱা প্ৰত্যাহ্বানক সকীয়াই দি প্রধানমন্ত্রী মোদীয়ে সীমান্ত অঞ্চল আৰু নাগৰিকৰ জীৱিকা সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়ে। এই সমস্যা সমাধানৰ বাবে তেওঁ ভাৰতৰ ঐক্য, অখণ্ডতা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ লক্ষ্যৰে কৌশলগত আৰু সামাজিক দুয়োটা প্রত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ বাবে উচ্চ ক্ষমতাসম্পন্ন জনগাঁথনি অভিযানৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ভাষণৰ শেষত প্ৰতিগৰাকী ভাৰতীয়ক ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগাবলৈ আহ্বান জনায় প্রধানমন্ত্রী মোদীয়ে।