লায়ন্স ক্লাৱৰ সৌজন্যত বিনামূলীয়া স্বাস্থ্য শিৱিৰ সম্পন্ন 

লায়ন্স ক্লাৱৰ সৌজন্যত বিনামূলীয়া স্বাস্থ্য শিৱিৰ সম্পন্ন 
এম হাছিম  আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-   ডিব্ৰুগড জিলাৰ লায়ন্স ক্লাৱৰ সৌজন্যত আশাপুৰ কল্যাণজ্যোতি সংঘৰ সহযোগত  আজি (৭ জুলাই ২০২৪ ) আশাপুৰস্থিত দ্যা মেন মেকিং মিছন স্কুলত বানপীড়িত ৰাইজৰ মাজত এক বিনামূলীয়া চিকিৎসা শিৱিৰ অনুষ্ঠিত হয়। চিকিৎসা শিৱিৰত জিলা লায়ন্স ক্লাৱৰ সভাপতি ৰক্তিম গগৈ, সম্পাদক অটিছ বাগছিৰ সহ জেষ্ঠ্য চিকিৎসক ডা০ শান্তনু লহকৰ, ডা০ প্ৰভাকৰ হাজৰিকা, ডা০ৰুনুমণি দুৱৰা,ডা০ বিজিত দুৱৰা,ডা০সমীৰ ৰহমান, ডা০ আশ্ৰুফা মাছুমা,ডা০ ৰাজ কিশোৰ, ডা০ মনদ্বীপ দুৱৰা,ডা০ অভিশেষ মাধুৰীয়া সহ  কেইবাগৰাকীও  বিশিষ্ট চিকিৎসকে ৰোগী সকলক চিকিৎসা সেৱা প্ৰদান কৰে। প্ৰায় ডেৰ শতাধিক বানপীড়িত ৰাইজে যোগদান কৰা এই  শিৱিৰত লায়ন্স ক্লাৱৰ কোষাধ্যক্ষ লায়ন্স প্ৰৱাল দাস,লায়ন্স ড৹ চুলতানা হাজৰিকা,ব্যৱস্থাপক  লায়ন্স ডেইজী লহকৰ,লায়ন্স ৰাজেশ দত্ত, লায়ন্স মহম্মদ ফাৰুক আহমেদ, লায়ন্স ড৹ প্ৰণৱজ্যোতি লহকৰ,লায়ন্স দিগন্ত গগৈ,লায়ন্স অলক বৰা,মৃদুলা বৰুৱা ফুকন,কবি পল্লৱী গগৈ,আৰু পঙ্কজ বুঢ়াগোহাঁই উপস্থিত থাকে। শিৱিৰ পৰিচালনা কৰে বিহু সুৰক্ষা সমিতি অসমৰ প্ৰচাৰ সম্পাদক কৃপাল ফুকনে আৰু শলাগৰ শৰাই জ্ঞাপন কৰে কল্যাণজ্যোতি সংঘৰ সম্পাদক জিন্তু দাসে।