লাডাখৰ ১৩,৭০০ ফুট উচ্চতাত ভাৰতীয় বায়ুসেনাৰ ঘাটি

লাডাখৰ ১৩,৭০০ ফুট উচ্চতাত ভাৰতীয় বায়ুসেনাৰ ঘাটি

ৰঙিলী বাৰ্ত্তাসেৱা- চীনৰ সেনাৰ গতিবিধি প্রকৃত নিয়ন্ত্ৰণৰেখা (এলএচি) নিৰীক্ষণ কৰিবলৈ নতুন দিল্লীয়ে বিশেষ পদক্ষেপ গ্রহণ কৰিছে। ড্রেগনৰ গতিবিধি নখ দর্পণত ৰাখিবলৈ লাডাখৰ ১৩,৭০০ ফুট উচ্চতাত ভাৰতে নিৰ্মাণ কৰি আছে বায়ুসেনাৰ ঘাটি। চীনা সৈন্যৰ গতিবিধি অহৰহ নিৰীক্ষণ কৰি ৰাখিবলৈ লাডাখৰ পূব প্ৰান্তৰ মুধি-নোওমা অঞ্চলত ভাৰতে নিৰ্মাণ কৰি আছে দেশখনৰ সৰ্বোচ্চ উচ্চতাত বায়ুসেনাৰ ঘাটি। বিশেষ তথ্য মতে, অহা অক্টোবৰ মাহতেই এই বিমান ঘাটিটো কার্যক্ষম হৈ উঠিব। দেশৰ আপদকালীন পৰিস্থিতিত এই বায়ুসেনাৰ ঘাটিটো গুৰুত্বপূৰ্ণ হিচাপে ব্যৱহৃত হ’ব। ভাৰতীয় সেনাৰ সূত্ৰত প্ৰকাশ কৰা মতে যিকোনো জৰুৰী পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বিশেষভাবে এই বায়ুসেনা ঘাটিটো নিৰ্মাণ কৰা হৈছে। ২০২১ চনত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱা এই ঘাটিটোৰ নিৰ্মাণৰ বাবে ২১৪ কোটি টকা ধার্য কৰা হৈছে। দ্রুত গতিৰে নিৰ্মাণ চলাই থকা বায়ুসেনা ঘাটিটোৰ তিনি কিলোমিটাৰ ৰানৱে ইতিমধ্যে নির্মাণ সম্পূর্ণ হৈছে। লাডাখৰ নোওমা অঞ্চলত প্রকৃত নিয়ন্ত্ৰণৰেখাৰ নিচেই ওচৰত নিৰ্মাণ কৰাৰ বাবে এই ঘাটিটো সেনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। মন কৰিবলগীয়া যে গালৱানত ভাৰত আৰু চীনৰ সেনাৰ মাজত সংঘৰ্ষৰ পাছত চীনক বিশ্বাসত নলৈ নতুন দিল্লীয়ে লাডাখৰ উচ্চতাত এই ঘাটি নিৰ্মাণ কৰিছে। লাডাখৰ পৰা অৰুণাচল প্রদেশলৈকে চীনৰ আগ্রাসন ভাৰতৰ বাবে উদ্বেগজনক বিষয় হৈ আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিততেই লাডাখত বায়ুসেনা ঘাটি নির্মাণ কৰাটো নতুন দিল্লীৰ কৌশলগত নীতি বুলি বিবেচিত হৈছে।