লাডাখত কাৰ্গিল যুদ্ধৰ শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- আজি কাৰ্গিল বিজয় দিৱস। কার্গিল বিজয় দিৱস উপলক্ষে আজি লাডাখৰ দ্ৰাছৰ কাৰ্গিল যুদ্ধ স্মৃতিসৌধত উপস্থিত হৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ১৯৯৯ চনত ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত দেশ ৰক্ষাৰ বাবে প্রাণ আহুতি দিয়া বীৰ জোৱানসকলক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। ২৫ বছৰ অতিক্ৰম কৰা কার্গিল যুদ্ধৰ ৰূপালী জয়ন্তী বর্ষ উদযাপনৰ বাবে বৃহস্পতিবাৰৰ পৰা দ্ৰাছত দুদিনীয়া কাৰ্যসূচীৰ আৰম্ভণি হৈছিল। আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত দেশপ্রেমমূলকভাৱেৰে এই কাৰ্যসূচীৰ সামৰণি পৰে। কাৰ্যসূচীত বৃহৎ সংখ্যক জ্যেষ্ঠ অৱসৰপ্ৰাপ্ত বিষয়া, বীৰত্ব বঁটা বিজয়ী, প্রাক্তন সেনাবাহিনী তথা কার্গিল যুদ্ধৰ সময়ত প্রাণ আহুতি দিয়া বীৰ জোৱানসকলৰ পৰিয়ালো উপস্থিত থাকে। জোৱান আৰু তেওঁলোকৰ পৰিয়াল আৰু অন্যান্য সন্মানীয় অতিথিসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এক ‘গুর্ডাছ কালচাৰ’অনুষ্ঠানৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীয়ে কেৱল লাডাখৰ নহয়, সকলো ভাৰতীয়ৰ সজীৱ সংস্কৃতি, জাতীয় মনোভাৱ, দেশপ্রেম প্রতিফলনৰ লগতে জাতিক সংজ্ঞায়িত কৰা ঐক্যৰ কথা সুন্দৰভাৱে প্ৰদৰ্শিত কৰে। উল্লেখযোগ্য যে ১৯৯৯ চনৰ আজিৰ এই দিনটোতেই ভাৰতীয় সেনাই পাকিস্তানৰ বিৰুদ্ধে যুঁজ দি কাৰ্গিলত বিজয় সাৱ্যস্ত কৰিছিল। দুমাহ ধৰি চলি থকা এই যুঁজৰ পাছত ভাৰতীয় সেনাই বিজয় ঘোষণা কৰি ‘অপাৰেচন বিজয়’ৰ সফল সমাপ্তি ঘোষণা কৰিছিল। যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয়ক স্মৰণ কৰিবলৈ এই দিনটোক ‘কাৰ্গিল বিজয় দিৱস’ হিচাপে পালন কৰা হয়।