লাজুকীলতা
শর্মিষ্ঠা দেৱী,
মাৰফৎ প্ৰণৱ কুমাৰ শৰ্মা,
নগাঁও
মোৰ উশাহ লোৱা বাটে
সোমাই আহিব থোজে
মোৰ আইৰ কেচাঁ সুবাস —
তোৰ পৰশ পালে,
চোতালৰ তগৰজোপাই মেলিব খোজে
আহ-পাহ
তই চুমা দিলে,
কেৱল তোৰ আলিংগনতে লাগে সোণগুটি
মোৰ পিতাইৰ ধাননিডৰাত।
অথচ
ভালপাব নোৱাৰিলো কোনোকালে
মোৰ ভালপোৱাৰ বোজা কঢ়িয়াই ফুৰা,
মোৰ প্ৰিয়জনৰ প্ৰিয়
‘বৰষুণ তোক ।
এডাল লাজুকীলতা হৈ তিতিলো মাথো
কুমলীয়া মৰমত আকুল
অইন এজাক বৰষুণত।
পিন্ধি ল’লো —
কণ কণ, ঘন ঘন
টোপালৰ মণি।
বেয়াতো নাছিলো পোৱা,
কৰাতো নাছিলো অভিমান,
সেইজাক বৰষুণৰ বিৰুদ্ধে দিব পৰা নাছিলো
এখনো এজাহাৰ।
তথাপি উজাই আহিছিল
বিষ এটি —
বুকুলৈকে।
সিদিনাৰ পৰাই
মোৰ অন্তৰৰ উন্মুক্ত ইস্তাহাৰ—
আহ বৰষুণ, আহ
তিয়াই পেলা
মোৰ বুকুৰ অভ্যন্তৰ,
পিন্ধাই দে মৰমৰ অলংকাৰ
এটি-দুটি
মোৰ দেহৰ প্ৰতিটো ভাজত।