লাচিত বৰফুকনৰ চৰিত্ৰ আৰু ব্যক্তিত্ব
প্ৰাণ প্ৰতিমা বড়া, গুৱাহাটী
লাচিত বৰফুকন আহোমৰ এজন সেনাপতি আছিল ৷তেওঁ অতি সাহসী,নিৰ্ভীক,দেশপ্ৰেমী আছিল ।তেওঁ সমাজ সংগঠক মোমাই তামুলীৰ পুত্ৰ। দেউতাকৰ পৰাই তেওঁ কৰ্তব্যনিষ্ঠা,সততা আদি গুণবোৰ পাইছিল। দেশক কেনেদৰে ভাল পাব পাৰি আদিবোৰ তেওঁ দেউতাকৰ পৰা পাইছিল ।তেওঁৰ দেউতাক এজন ৰাজবিষয়া আছিল। তেওঁৰ দেউতাকে কেতিয়াবা ঘৰতে জৰুৰী সভা পাতি তলতীয়া বিষয়া কৰ্মচাৰীৰ লগত ৰাজনৈতিক সম্পৰ্ক ,দেশৰ সামাজিক উন্নতি,দেশৰ ন্যায়ৰ বিষয়ে বিশদভাৱে আলোচনা কৰিছিল । দেউতাকৰ এনে ধৰণৰ সভালৈ লাচিতে তামোল- পাণ অথবা আন কোনো বস্তুৰ যোগান ধৰোঁতা আছিল। তেনেদৰে লাচিতে ৰাজনীতিত প্ৰথম খোজ পেলাইছিল। অনুসন্ধিৎসু মনৰ অধিকাৰী লাচিতে সৰুৰেপৰাই সকলো কাম নিয়াৰিকৈ কৰি ভাল পাইছিল ।এনেদৰেই লাচিতে ৰজাঘৰৰ দায়িত্ব বহন কৰিবলৈ সক্ষম হৈছিল। লাচিতৰ সবল ব্যক্তিত্বই সকলোকে আকৰ্ষিত কৰিছিল ।লাচিত দোলাকাষৰীয়া বৰুৱা হৈ থাকোঁতে আহোম ৰজাক প্ৰধান সেনাপতি পাতিবৰ বাবে এজন উপযুক্ত ব্যক্তিৰ প্ৰয়োজন হ’ল ৷ লাচিতক ৰাজসভালৈ মাতি অনা হ’ল ৷ লাচিতে স্বৰ্গদেউক অভিবাদন জনায় থকাৰ সময়ত এজন লগুৱাই পিছফালৰপৰা তেওঁৰ মুৰৰ পাগুৰিটো খুলি লৈ গ’ল ৷ এই কথাত তেওঁ অপমান পায় ৰজাৰ সন্মুখতে লগুৱাজনক কাটিবলৈ উদ্যত হ’ল ৷ লাচিতৰ আত্মসচেতনতা আৰু সন্মানবোধ দেখি তেওঁক স্বৰ্গদেউৱে প্ৰশংসা কৰিলে আৰু আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহই নিজৰ হাতেৰে সোণৰ মুঠিৰে বন্ধা হেংদাং উপহাৰ দি লাচিতক বৰফুকন পাতিলে ৷মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যুদ্ধৰ প্ৰস্তুতি প্ৰায় সমাপ্ত কৰিছিল লাচিতে। লাচিতে সেইসময়ত টান নৰিয়াত পৰি আছিল। যুদ্ধৰ সুবিধাৰ বাবে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে একে ৰাতিৰ ভিতৰতে এটা গড় বন্ধাৰ চিন্তা কৰি সেই গড় বন্ধাৰ দায়িত্ব তেওঁ নিজৰ মোমায়েকক দিলে ।গড় বন্ধাৰ কাম পিছ নিশালৈ হৈছে নে নাই চাবলৈ লাচিত নিজেই সেই ঠাইত উপস্থিত হৈছিল। সেইসময়ত মোমায়েকৰ সৈতে বণুৱাসকল শুই থকা দেখা পায় লাচিতৰ খং উঠিল। মোমায়েকক ইয়াত কাৰণ সুধিলে লাচিতে ৷মোমায়েকৰ উত্তৰত লাচিত সন্তুষ্ট নহৈ তেওঁৰ হাতৰ হেংদাংৰে “দেশতকৈ মোমাই ডাঙৰ নহয়“ বুলি লাচিতে মোমায়েকৰ ডিঙি কাটি দুছোৱা কৰিলে। লাচিতৰ তেনে কামত ভয় খাই বাকি বণুৱাসকলে গড় বন্ধা কাম সম্পূৰ্ণ কৰিলে। সেই গড়টো আজিও মোমাই কটা গড় হিচাপে জনাজাত।লাচিতে নৰিয়া গাৰে যুদ্ধত জপিয়াই পৰিল। লাচিতৰ আগমনে সকলো আহোম সৈন্যক দুগুণে উৎসাহিত কৰিলে যুদ্ধ কৰিবলৈ। ১৬৭১ খৃ.ত আহোম আৰু মোগলৰ মাজত তয়াময়া ৰণ লাগিল ।এই যুদ্ধখন শৰাইঘাট নামৰ ঠাইত হৈছিল বাবে যুদ্ধখনৰ নাম শৰাইঘাট যুদ্ধ বোলা হৈছিল। এই যুদ্ধত মোগলৰ সেনাপতি মনোৱাৰ খাঁৰ মৃত্যুৰ লগে লগে এই যুদ্ধৰ সামৰণি পৰিল। আহোমসকলে মোগলক খেদি মানাহ নদী পাৰ কৰি থৈ আহিল। এইজনা মহান ব্যক্তিৰ কৰ্তব্যনিষ্ঠা,নিৰ্ভীকতা,গভীৰ দেশপ্ৰেম আদিৰ ব্যক্তিত্বৰে তেওঁৰ চৰিত্ৰ উজ্জ্বলি উঠিছিল। এইজনা মহান বীৰে শৰাইঘাট যুদ্ধৰ পিছতে মৃত্যুবৰণ কৰিছিল।