লাচিত ফুকন ! লাচিত ফুকন ! মোৰ স্বদেশৰ বীৰ
-ফখৰুদ্দিন আহমেদ
অসমীয়া কাব্য জগতত “দোমাজাৰ কবি” হিচাপে খ্যাত দেৱকান্ত বৰুৱা দেব ৰচিত জনপ্ৰিয় কবিতা সমূহৰ অন্যতম এটি কবিতাৰ শিৰোনাম হৈছে ” লাচিত ফুকন”। এই কবিতাটিত কবিয়ে জাতীয়তাবাদৰ অন্যতম ধ্বজ্বাবাহক বীৰ লাচিত বৰফুকনৰ সাহস , বীৰত্ব আৰু বলিদানৰ কথা সোঁৱৰণ কৰাৰ লগতে সমসাময়িক অসমৰ অবক্ষয়ৰ এখনি বাস্তব প্ৰতিচ্ছবিও দাঙি ধৰিছে। বোধহয় কবি দেৱকান্ত বৰুৱাৰ এই বিখ্যাত কবিতাটিৰ সোৱাদ নোলোৱাকৈ থকা অসমীয়া খুব কমেইহে ওলাব। অসম আৰু অসমীয়াৰ বাবে আহোমৰ ৰাজত্বৰ সময়ত লাচিত বৰফুকনে নিজৰ জন্মভুমিৰ বাবে আগবঢ়োৱা বলিদান অসমৰ ইতিহাসত চিৰদিন স্বৰ্ণীল আখৰেৰে উজ্বলি থাকিব । এয়া নিত্যান্তই সত্য আৰু বাস্তব কথা ।পিছে বিগত সময়ত এই গৰাকী বীৰ পুৰুষৰ বিষয়ে যি ধৰণে চিন্তা চৰ্চা নতুবা আলোচনা-পৰ্যালোচনাৰ প্ৰয়োজন আছিল সেয়া নিশ্চয় হোৱা নাই । এই কথাও ন দি উল্লেখ কৰিব পাৰি। সাম্প্ৰতিক সময়ত অসম চৰকাৰে উদ্যোগ লৈ তেখেতৰ চাৰি বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ ব্যবস্থা কৰি শিক্ষাৰ্থীৰ পৰা সাধাৰন নাগৰিকলৈ সকলোকে জড়িত কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপ সঁচাকৈয়ে আদৰণীয় হৈছে। ইতিহাস প্ৰসিদ্ধ শৰাইঘাট। অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্য আৰু সম্পদেৰে ভৰপূৰ বৰ অসমলৈ দিল্লীৰ শাসনৰ গাদীত বহি থকা মোগল সম্ৰাট সকলৰ লোভ বহুত বেছি আছিল। সেই কাৰণেই বোধহয় দেশৰ ইতিহাসত মোগলে সোতৰ বাৰ অসম আক্ৰমণ কৰাৰ তথ্য পোৱা যায়। সেই সময়ত অসমৰ শাসনৰ গাদীত উপবিষ্ট আহোম স্নৰ্গদেউ সকলে যিমান পাৰে মোগলৰ আক্ৰমণক প্ৰতিহত কৰিবলৈ যত্নপৰ হৈছিল যদিও তাৰ মাজতে অসম আক্ৰমণকাৰী মোগলে অসমৰ গুৱাহাটী পৰ্যন্ত অধিকাৰ কৰাৰ ক্ষেত্ৰত সফলো হৈছিল। অসমৰ পৰা ধন , সোন লগতে ৰমণী গাভৰুকে ধৰি হাতী-ঘোৰা পৰ্যন্ত মোগল সম্ৰাটলৈ পঠাব লগা পৰিস্থিতিও হৈছিল আহোম স্বৰ্গদেউৰ।স্বৰ্গদেউ জয়ধ্বজ দিংহৰ মৃত্যুৰ পিছত অসমৰ সিংহাসনত উপবিষ্ট হোৱা স্বৰ্গদেউ চক্ৰধ্বজ সিংহই মোগলৰ পৰা অসম উদ্ধাৰ কৰাৰ পণ লৈ উপযুক্ত ভাবেই বীৰ লাচিত বৰফুকনক প্ৰধান সেনাপতি পদত নিযুক্তি দিছিল ।লাচিত বৰফুকনেও স্বৰ্গদেউৰ আশা ভৰষাক আগ কৰি লৈ প্ৰথম প্ৰচেষ্টাতেই ইটাখুলিৰ ৰণত জয় লাভ কৰাৰ লগতে মোগলৰ পৰা গুৱাহাটীৰ দুৰ্গক উদ্ধাৰ কৰি মোগলৰ বিপদ ঘন্টা বজাই দিছিল। তাৰ পিছত মোগলৰ লগত হোৱা আলাৱৈৰ ৰণত পৰাজিত হোৱাৰ লগতে একেদিনাই আহোমৰ প্ৰায় দহ হেজাৰ সৈন্য নিধন হৈছিল। ইয়াৰ পিছত পুনৰ অসম আক্ৰমণ কৰিবলৈ মোগল সম্ৰাট ঔৰঙ্গজেবে ৰামসিংহৰ নেতৃত্বত সৈন্য বাহিনী প্ৰেৰণ কৰিছিল। এই মোগল সৈন্যৰ লগত হোৱা যুদ্ধখনেই সলনি কৰি দিছিল অসমৰ ভাগ্য।মহাবীৰ লাচিত বৰফুকনৰ নেতৃত্বত ১৬৭১ খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত সংঘটিত হোৱা মোগলৰ বিৰূদ্ধে জয়লাভ কৰা এই খন যুদ্ধই আছিল বিখ্যাত শৰাইঘাটৰ যুদ্ধ। এই শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ যুদ্ধক্ষেত্ৰত জয়লাভ কৰাৰ আঁৰত থকা তেখেতৰ নিপুণতা বাৰুকৈয়ে প্ৰকাশ হৈছিল। সুক্ষ্ম দৃষ্টি ভংগীৰে লক্ষ্য কৰি লাচিত বৰফুকনে অনুধাবণ কৰিছিল যে মোগলৰ সৈন্যবাহিনী স্থলপথৰ যুদ্ধত পাকৈত যদিও জলপথৰ যুদ্ধত বিশেষ পাকৈত নহয় ।যিটো কাৰণত তেখেতে একে ৰাতিৰ ভিতৰত স্থলপথৰ যুদ্ধৰ উৎসবোৰ বন্ধ কৰিবলৈ গড় নিৰ্মাণ কৰিছিল বুলি ভাবিবৰ থল আছে। কিছু সংখ্যক তথাকথিত ইতিহাসবিদে কাল্পনিক চৰিত্ৰ বুলি ঠাৱৰ কৰিব বিচৰা এই বিখ্যাত শৰাইঘাটৰ যুদ্ধৰ লাচিত বৰফুকনৰ অন্যতম পালি সেনাপতি বাঘ হাজৰিকা ওৰফে ইছমাইল চিদ্দিকীৰ সহযোগিতাও অন্যতম আছিল । এই গৰাকী পালি সেনাপতিয়ে মোগলৰ সৈন্য সকলে প্ৰাৰ্থনাত ব্যস্ত থকা সময়ত মনে মনে গৈ মোগলৰ হিলৈবোৰত পানী ঢালি থৈ আহি সেই বোৰ নিস্ক্ৰিয় কৰি পেলাইছিল বুলিও বিভিন্ন গ্ৰন্থত উল্লেখ আছে। অসমৰ ইতিহাসৰ অন্যতম এগৰাকী দেশপ্ৰমিক প্ৰধান সেনাপতি লাচিত বৰফুকনক অসমীয়া সকলে ৰাষ্ট্ৰীয় তথা আন্ত ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা বুলি নিচিন্ত মনে দাবী কৰিব নোৱাৰো। কাৰণ দোমোজাৰ কবি দেৱকান্ত বৰুৱাই তেখেতৰ “লাচিত ফুকন ” নামৰ কবিতাটিত আক্ষেপেৰে অসমীয়া জাতিৰ অবক্ষয়ৰ কথা লাচিত বৰফুকনলৈ বুলি উল্লেখ কৰি কৈছে –” দেশৰ বাতৰি শুনিবানে বীৰ ? নিদিও তোমাক ফাঁকি,/তোমাৰ অসম নাই আৰু আজি জঁকাটোহে তাৰ বাকী”। অসমীয়া আবেগিক জাতি বুলি বহুতে উল্লেখ কৰি নিজে দোষৰ পৰা হাত সাৰিব বিচাৰে। তেওঁলোকে প্ৰমাণ হিচাপে উল্লেখ কৰে ছ শ বছৰীয়া অসম আন্দোলনৰ প্ৰসংগ। আন্দোলন হ’ল , অসম চুক্তি হ’ল , আন্দোলনৰ নেতৃত্বৰ ওপৰত অসমৰ জনতাই শাসনৰ দায়িত্ব ভাৰ অৰ্পণ কৰি অসম চুক্তি ৰূপায়ণৰ সুযোগ দিলে , এবাৰ নহয় দুবাৰকৈ ।পিছে ঐতিহাসিক অসম আন্দোলনৰ মূল বিষয়বস্তু বিদেশী নাগৰিকৰ সমস্যা , আজিকোপতি সমস্যা হৈয়েই থাকিল। এই সমস্যাটি সাম্প্ৰতিক সময়ত ৰাজনীতিকৰণ হৈ গ’ল। দেশে স্বাধীনতা লাভ কৰাৰপিছৰে পৰা ভাৰতবৰ্ষৰ এখনি অন্যতম ৰাজ্য হিচাপে অসমৰ শাসনৰ গাদী বহুতো ৰাজনৈতিক দলে দখল কৰি কৰিলে। সেইবোৰ উল্লেখ কৰিবলৈ গ’লে প্ৰধানকৈ ভাৰতীয় জাতীয় কংগ্ৰেছ , জনতা দল , অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ নামেই তালিকাত আহিব।ৰাজনীতিৰ জৰিয়তে দেশৰ সেৱা কৰিব বিচৰা সকলো যেন সময়ত নিজৰ লক্ষ্য আৰু উদ্দেশ্যৰ মূল পটভুমিত থিয় হৈ থাকিব নোৱাৰে। মূল্যবৃদ্ধি , তীব্ৰ সাম্প্ৰদায়িকতাবাদ , হত্যা , ধৰ্ষণ ইত্যাদিৰ পৰিবেশৰ মাজতো বহুতো উন্নয়ণ হৈছে। কিন্তু সাধাৰণ জনতাৰ মাজতো স্থাপন হোৱা পাৰৰ্স্পৰিক অবিশ্বাসৰ পৰিবেশটোৱে যেন ক্ৰমাণ্বয়ে গা কৰি আহিছে। সম্প্ৰীতিৰ বাণীৰে অসমক মহীয়ান কৰা শ্ৰীমন্ত শংকৰ দেৱ , শ্ৰীশ্ৰী মাধব দেৱ আৰু আজান ফকিৰ চাহেবৰ অসমত এচাম তথাকথিত লোকে বিভিন্ন ধৰ্মৰ সম্পৰ্কত বিতৰ্কিত মন্তব্য কৰি অসমীয়া সমাজ খনক ভাগ ভাগ কৰিব বিচাৰে যিবোৰ কথা সঁচাকৈয়ে অসহনীয় । অসমীয়া জাতীয়তাবাদৰ প্ৰবক্তা বুলি ভবা লোক তথা দল-সংগঠনবোৰৰ এই ক্ষেত্ৰত বহুত কৰণীয় আছে বুলি ভাবিব পাৰি । অসম প্ৰাকৃতিক সৌন্দৰ্য তথা সম্পদত সমৃদ্ধিশালী হোৱাৰ দৰে মাতৃভুমিৰ হৈ আত্মবলিদান দিয়া বীৰ-বিৰঙ্গণাৰেও সমৃদ্ধিশালী। এই ক্ষেত্ৰত বীৰ লাচিত বৰফুকনক বাটকটীয়া বুলি নিশ্চয়কৈ উল্লেখ কৰিব পাৰি। অসমৰ এই দল-সংগঠন , অনুষ্ঠান-প্ৰতিষ্ঠান তথা সচেতন ব্যক্তি সকলে প্ৰচেষ্টা হাতত লৈ এই অসমীয়া জাতিৰ গৌৰৱ বীৰ-বিৰঙ্গণা সকলৰ জীৱন আৰু কাৰ্যাৱলীৰ চৰ্চা কৰাৰ ব্যবস্থা কৰিব লাগে। এয়া নিত্যান্তই জৰুৰী বিষয়। বিশেষকৈ অসম চৰকাৰে উদ্যোগ লৈ উদযাপনৰ ব্যবস্থা কৰা চাৰিশ বছৰীয়া লাচিত বৰফুকনৰ জন্ম জয়ন্তীৰ সকলো কাৰ্য ক্ৰমণিকাতে অসমৰ প্ৰতিজন নাগৰিকে যোগদান কৰিব লাগে।তেতিয়াহে বীৰ লাচিত বৰফুকন কেৱল অসমতে কিয় ভাৰত তথা বিশ্ব ইতিহাসৰ এৰাব নোৱাৰা চৰিত্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰিব।