লণ্ডনৰ বৰদিন আৰু নতুন বছৰ উদ্‌যাপনৰ উপহাৰ হ’ব অসমৰ শিপিনীৰ গামোচা

লণ্ডনৰ বৰদিন আৰু নতুন বছৰ উদ্‌যাপনৰ উপহাৰ হ’ব অসমৰ শিপিনীৰ গামোচা

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমবাসীৰ বাবে এটা ভাল খবৰ।লণ্ডনত জিলিকিব অসমৰ গামোচা।লাহোৱালৰ ছাগলীকটা গাঁৱৰ আত্মসহায়ক গোটে প্ৰস্তুত কৰা গামোচাই লণ্ডনত সমাদৰ লাভ কৰিছে।এইবাৰ অসমৰ গামোচা হ’ব লণ্ডনৰ বৰদিন আৰু নতুন বছৰ উদ্‌যাপনৰ উপহাৰ।লাহোৱালৰ ছাগলীকটা গাঁৱৰ আত্মসহায়ক গোটে প্ৰস্তুত কৰা ৫০০ ৰো অধিক গামোচা ইতিমধ্যে লণ্ডনৰ কোম্পানীলৈ প্ৰেৰণ কৰা হৈছে।উল্লেখযোগ্য যে,লণ্ডনত মুখ্য কাৰ্য্যালয় হিচাপে থকা এটা বিশ্বব্যাপী চাহ ব্ৰেণ্ডে ডিব্ৰুগড় জিলাৰ লাহোৱালৰ মহিলা শিপিনী গোটৰ দ্বাৰা বোৱা ফুলাম গামোচাৰ প্ৰতি আগ্ৰহী হৈছিল।ইয়াৰ পাছতেই তেওঁলোকে লণ্ডনত আগন্তুক বৰদিন নতুন বছৰ উদ্‌যাপনত উপহাৰ হিচাপে আগবঢ়াবলৈ হাতেৰে বোৱা ফুলাম গামোচা যোগান ধৰিবলৈ অনুৰোধ জনাইছিল।সেই অনুৰোধ ৰক্ষা কৰি ছাগলীকটা গাঁৱৰ মহিলা গোটে দিন-ৰাতি একাকাৰ কৰি গামোচা প্ৰস্তুত কৰি লণ্ডনলৈ ৫০০ৰো অধিক গামোচা ইতিমধ্যে প্ৰেৰণ কৰিছে।