লণ্ডনত যুক্তৰাজ্য শাখা সাহিত্য সভাৰ উদ্যোগত জগদগুৰু শংকৰদেৱৰ ৫৭৭তম জন্ম জয়ন্তী  

লণ্ডনত যুক্তৰাজ্য শাখা সাহিত্য সভাৰ উদ্যোগত জগদগুৰু শংকৰদেৱৰ ৫৭৭তম জন্ম জয়ন্তী  

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  অসম সাহিত্য সভাৰ বিদেশত থকা অন্যতম শাখা যুক্তৰাজ‍্য শাখাৰ উদ্যোগত জগদগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ  ৫৭৭ সংখ্যক জন্ম জয়ন্তী পালন কৰা হয়। লণ্ডনৰ কিংছ লেঙ্গলীত  অতি  আধ্যাত্মিকতাৰে অনুষ্ঠিত হোৱা গুৰুজনাৰ জন্ম জয়ন্তী অনুষ্ঠানত যুক্তৰাজ্য শাখাৰ সভাপতি গীতা বৰুৱাই মুকলি  সভাৰ উদ্দেশ‍্য বাখ‍্যা কৰে। উপসভাপতি নিৰলা বৰুৱাই অসমৰ সমাজত গুৰুজনাৰ অৱদান নামঘৰৰ প্ৰভাৱ আৰু গুৰুত্বৰ বিষয়ে চমুকৈ ব‍্যাখা কৰে। গুৰুৰ আসনৰ আগত নাম ধৰা নামতী বিশিষ্ট লেখিকা মঞ্জীৰা চৌধুৰী, লাহৰী বৰঠাকুৰ, গীতা বৰুৱা, ভবানী কাকতী, কুইন শইকীয়াই নাম পৰিৱেশন কৰে বৰতাল, নেগেৰা, খোলৰ ধ্বনীয়ে বিদেশৰ  আকাশ-বতাহ মুখৰিত কৰি তোলে । অসমৰ বিখ্যাত  কলা শিল্পী ৰূপম বৰঠাকুৰে চিত্ৰাঙ্কনৰ কৰ্মশালা আৰম্ভ কৰে। কৰ্মশালাত সকলো বয়সৰ অতিথিয়ে অংশ গ্ৰহণ কৰি সাফল্যমণ্ডিত কৰি তোলে। সভাৰ সম্পাদিকা জাহ্নৱী গগৈয়ে গুৰুজনাই বাৰ বছৰ বয়সতে লিখা প্ৰথম কবিতা ‘কৰতল কমল’ কবিতাটোৰ ৰচনাৰ কৌশল আৰু তাৎপৰ্য বিষয়ে ভাষণ দিয়ে। সভাৰ মুখ‍্য অতিথি বিশিষ্ট লেখক, চিন্তাবিদ ময়ুৰ বৰা, আৰু পত্নী ৰঞ্জিতা বৰাও উপস্থিত থাকে। শঙ্কৰদেৱৰ দি ইউনিকনেচ অফ দিছ গ্ৰেটমেন”ৰ বিষয়বস্তু সন্দৰ্ভত  ইংৰাজী আৰু অসমীয়া ভাষাৰ মিশ্ৰনত ময়ুৰ বৰাই বক্তব্য প্ৰদান কৰা লগতে কেবাটাও গীতেৰে গুৰুজনাৰ মহান ব‍্যক্তিত্বৰ কথা কয়। পাচঁশ বছৰৰ আগতেই গুৰুজনাই নাৰীৰ শক্তি, সকলো জীৱৰ সমান মূল‍্য, প্ৰকৃতিক শ্ৰদ্ধা কৰা, দাস প্ৰথা বিলিন কৰা আদি অসমৰ জনসাধাৰণক গীত নৃত্য, ভাওনা আদিৰ জৰিয়তে অবগত কৰি সমাজখনক সংশোধন কৰা বুলি উল্লেখ কৰে। এই অনুষ্ঠানতে গীতুতপল্লা বৰদলৈয়ে এটা স্তূতিৰে  জুৱিন গাৰ্গৰ স্মৃতিচাৰণ কৰা লগতে  পুস্পা হাজৰিকাই জুবিন গাৰ্গ আৰু ডঃ লাহনৰ প্ৰতিছবিত  বন্তি প্ৰজলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। গীতা বৰুৱাই হিয়াৰ আমঠু জুবিনলৈ লিখা এটি স্বৰচিত কবিতা আবৃতি, লাহৰী বৰঠাকুৰে যুক্তৰাজ্য সাহিত‍্য সভাৰ আজীৱন সদস্য ডা° লাহন আৰু অলপতে পৰলোক হোৱা  চাৰি গৰাকী প্ৰবাসী অসমীয়াৰ বিষয়ে দুষাৰ কয়।উপস্থিত থকা সকলোৱে এক মিনিট মৌনতাৰে আত্মাৰ চিৰ শান্তি কামনা কৰে।জাহ্নবী গগৈয়ে শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানত অঞ্জীৱ ৰাজখোৱাই “ব্ৰহ্মা আদি কৰি জীৱযত” গীতটোৰে শোক সভাৰ সামৰনি মাৰে।সাংস্কৃতিক সন্ধ‍্যা উপলক্ষে উন্মনা দাস, প্ৰীতম বৰা আৰু গৌৰী গোস্বামীয়ে এটি গোহাঁই নাচ, অন‍্যনা মহন্তৰ সত্ৰীয়া নাচ, ৰিশ্বী চৌধুৰীৰ তবলা, ৰঞ্জীতা বৰা আৰু জোনাক প্ৰিয়া দাসৰ বৰগীতে সকলোকে মুগ্ধ কৰে। উল্লেখযোগ্য যে, যুক্তৰাজ্য শাখা সাহিত্য সভাই বিভিন্ন সময়ত প্ৰবাসী অসমীয়া সকলৰ তথা নৱ প্ৰজন্মৰ মাজত অসমীয়া ভাষা সাহিত্য কৃষ্টি সংস্কৃতিৰ চৰ্চা আৰু বিদেশী সকলৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰি অহাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।