লছ এঞ্জেলছৰ ডলবী থিয়েটাৰত ঘোষণা কৰা হ’ল ২০২৬ বৰ্ষৰ অস্কাৰ বঁটা

Pc Vanity Fair

লছ এঞ্জেলছৰ ডলবী থিয়েটাৰত ঘোষণা কৰা হ’ল ২০২৬ বৰ্ষৰ অস্কাৰ বঁটা

ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্বৰ চলচ্চিত্র জগতক মোহাচ্ছন্ন কৰি ডলবি থিয়েটাৰত প্ৰদান কৰা হ’ল ৯৮ সংখ্যক একাডেমী বঁটা (অস্কাৰ বঁটা)। মার্কিন যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছৰ হলীউডৰ ডলবী থিয়েটাৰত যোৱা ১৫ মাৰ্চত একাডেমী অৱ মোচন পিকচাৰ আৰ্টছ এণ্ড ছায়েঞ্চেজ, চমুকৈ এএমপিএএছে অনুষ্ঠিত কৰে এইবাৰৰ একাডেমী এৱাৰ্ড প্রদান অনুষ্ঠানটো। ২০২৫ বর্ষত মুক্তিপ্রাপ্ত চলচ্চিত্ৰসমূহৰ পৰা ২৪টা বর্গত একাডেমী এৱাৰ্ড প্রদান কৰা হয়। য’ত কেইবাটাও শিতানত মনোনয়ন লাভ কৰা প্ৰখ্যাত চিত্ৰ পৰিচালক পল থমাছ এণ্ডাৰছনৰ বহুচৰ্চিত-বিশ্ব প্রখ্যাত চিত্রকর্ম ‘ৱান বেটল আফটাৰ এনাদাৰ’-এ শ্রেষ্ঠ ছবি-পৰিচালকসহ ৬টা অস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। যোৱা বছৰৰ এই অনুষ্ঠানত অধ্যক্ষতা কৰাৰ পিছত একেৰাহে দ্বিতীয়বাৰৰ বাবে এইবাৰৰ অনুষ্ঠানৰো হোষ্টৰ দায়িত্ব পালন কৰে কমেডিয়ান তথা টেলিভিছন হোষ্ট কনান অ’ব্রিএনএ। ২০২৬ বৰ্ষৰ অস্কাৰ বিজয়ীৰ তালিকাত শ্রেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰে ‘ৱান বেটল আফটাৰ এনাদাৰ’-এ। ‘ছিনাৰ্ছ’ চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে শ্রেষ্ঠ অভিনেতাৰ পুৰস্কাৰ লাভ কৰে মাইকেল বি জর্ডানে। তেনেদৰে ‘হেমনেট’ চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে শ্রেষ্ঠ অভিনেত্ৰীৰ পুৰস্কাৰ লাভ কৰে জেছী বাকলেই। অনুষ্ঠানটোত এড্রিয়েন ব্রডি, মিকে মেডিছন, কিয়েৰা কুলকিন আৰু জ’ ছেলডানা আদি তাৰকাসকল উপস্থিত থাকে। অনুষ্ঠানটোত উপস্থাপক হিচাপে থাকে ‘দেশী গার্ল’খ্যাত জনপ্রিয় ভাৰতীয় অভিনেত্রী প্রিয়ংকা চোপ্রাও। ৯৮ সংখ্যক অস্কাৰত জিলিকি উঠে ক্রমে শ্রেষ্ঠ চলচ্চিত্র ‘ৱান বেটল আফটাৰ এনাদাৰ’, শ্রেষ্ঠ অভিনেতা মাইকেল বি জর্ডান (ছিনাৰ্ছ), শ্রেষ্ঠ অভিনেত্রী জেছী বাকলে (হেমনেট), শ্রেষ্ঠ পৰিচালক প’ল থমাছ এণ্ডাৰছন (ৰান বেটল আফটাৰ এনাদাৰ), শ্রেষ্ঠ সহঃ অভিনেত্রী এমি মেডিগান (বেপনছ), শ্রেষ্ঠ সহঃ অভিনেতা ছন পেন (ৱান বেটল আফটাৰ এনাদাৰ), শ্রেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ফিচাৰ ফিল্ম ‘ছেন্টিমেন্টেল ভেলু’, শ্রেষ্ঠ চিনেমাটোগ্রাফী ‘ছিনাৰ্ছ’ (অটাম ডুৰাল্ড আৰকাপা), শ্রেষ্ঠ চিনে সম্পাদনা ব্রান বেটল আফটাৰ এনাদাৰ, শ্ৰেষ্ঠ সংগীত (অৰিজিনেল স্ক’ৰ) ‘ছিনাৰ্ছ’, শ্রেষ্ঠ মৌলিক গান ‘গোল্ডেন’ (কে-পপ ডেমন হান্টাৰ্ছ), শ্রেষ্ঠ কাষ্টিং ৱান বেটল আফটাৰ এনাদাৰ (কেছান্দ্ৰা কুলুকুণ্ডিছ), শ্রেষ্ঠ মৌলিক চিত্রনাট্য ‘ছিনাৰ্ছ’ (ৰায়ান কুগলাৰ), শ্রেষ্ঠ এডাপ্টেড চিত্রনাট্য ‘ৱান বেটল আফটাৰ এনাদাৰ’ (প’ল থমাছ এণ্ডাৰছন), শ্রেষ্ঠ প্ৰডাকচন ডিজাইন ‘ফ্রেংকেনস্টাইন’, শ্রেষ্ঠ ভিজুৱেল এফেক্টছ ‘অৱতাৰঃ ফায়াৰ এণ্ড এছ’, শ্রেষ্ঠ ছাউণ্ড এফ-১, শ্রেষ্ঠ সাজসজ্জা শিল্পী, ‘ফ্রেংকেনষ্টাইন’ (কেট হলী), শ্রেষ্ঠ ৰূপসজ্জা আৰু কেশসজ্জা ‘ফ্রেংকেনষ্টাইন’, শ্রেষ্ঠ এনিমেটেড ফিচাৰ ফিল্ম কে-পপ ডেমন হান্টাৰ্ছ, শ্রেষ্ঠ এনিমেটেড শ্বর্ট ফিল্ম ‘দ্য গার্ল হু ক্রাইড পার্লছ’, শ্রেষ্ঠ লাইভ একচন শ্বর্ট ফিল্ম ‘টু পিপল এক্সেনজিং ছেলাইভা’, শ্রেষ্ঠ ডকুমেন্টৰী ফিচাৰ ফিল্ম ‘মিষ্টাৰ ন’ বডী এগেইনষ্ট পুটিন’ আৰু শ্রেষ্ঠ ডকুমেন্টৰী শ্বৰ্ট ‘অল দ্য এটি ৰুমছ’। উল্লেখ্য যে এইবাৰ মহিলা চিনেমাটোগ্ৰাফাৰ হিচাপে প্রথম অস্কাৰ জয় কৰি ইতিহাস গড়ে অটাম ডুৰাল্ড আৰকাপাই।