লখিমপুৰ জিলাৰ ধৰ্মীয় থান আৰু জনশ্ৰুতি
অসম ৰাজ্যৰ উত্তৰ পাৰৰ এখন জিলা হ’ল লখিমপুৰ। এই জিলা অতীত। প্ৰাচীন আৰ্য্য সাধনাৰ পুণ্য ভূমি বুলি জনাযায় ,সেয়ে ইয়াত আছে অতীতৰ পৰা বৰ্তমানলৈ বহুতো বিভিন্ন সময়ত বিভিন্ন ধৰণে প্ৰতিষ্ঠা হোৱা অনেক ধৰ্মীয় থান।যি বোৰৰ আছে অনেক মত – প্ৰবাদ, জনশ্ৰুতি আৰু বুৰঞ্জী।
তাৰে ভিতৰত এখন ইতিহাস প্ৰসিদ্ধ ধৰ্মীয় থান হ’ল বাসুদেৱ থান। যাক উত্তৰ – পূব ভাৰতৰ অন্যতম এখন পুৰণি ঐতিহাসিক থান বুলি কোৱা হয়। এই থান লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত। প্ৰবাদ মতে মহাপুৰুষ শংকৰদেৱ নাৱেৰে কৰবাৰ পৰা আহোতে পানীত সাপৰ মূৰত এটা ভেকুলী উঠি থকা দেখা পাই মাধৱদেৱক এগচি বন্তি প্ৰজ্বলন কৰিব কৈছিল।পাছত, যেতিয়া খৰালি পানী শুকাই গৈছিল তেতিয়া সেই ঠাইত বাসুদেৱৰ মূৰ্তি আৱিষ্কাৰ হোৱাত, তাতে তেওঁলোকে থান প্ৰতিষ্ঠা কৰি আহিছিল। উল্লেখ্য যে ইয়াত থকা মূৰ্তিটো এচটা শিলত কটা।
লখিমপুৰ জিলাৰ আন এখন বিখ্যাত থান হ’ল পদুমনি আই থান যি খন ১৯৫১চনত ঘিলামৰা তিনিআলিৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ কুমতীয়া নদীৰ পাৰত ঐতিহাসিক মণিপুৰী থানৰ পৰা মাটি আনি প্ৰতিষ্ঠা কৰা হৈছিল। জ্রাগত বুলি বিশ্বাস থকা। এই থানত এটা সময়ত বনৰীয়া হাতীয়ে কল আনি দিছিল বুলি প্ৰবাদ আছে।
উপৰত উল্লেখ কৰিছিলোঁ যে,পদুমণি আই থানলৈ মণিপুৰীয়া থানৰ পৰা মাটি অনা হৈছিল।এই মণিপুৰীয়া থান খন এই ঘিলামৰাতে অৱস্থিত। ই এখন গোসাঁনী থান। এই থান খন যদিও ১৯৩৬চনত নতুনকৈ প্ৰতিষ্ঠা কৰা হৈছিল তথাপি ইয়াৰ কথা আহোম দিনৰ পৰা প্ৰচলন হৈ আহিছে বুলি জনা যায়।প্ৰবাদ মতে এই গৰাকী গোসাঁনীক আহোম সকলে বোলে যুদ্ধলৈ যাওঁতে লগত লৈ গৈছিল বুলি কোনো কোনোৱে কয়।আকৌ মোৱাৰীয়া সংকটৰ সময়ত আহোম ৰজাক মণিপুৰীয়া ৰজাই সহায় কৰাৰ কাৰণে স্বৰ্গদেউ গৌৰীনাথ সিংহই ইয়াত এটা মন্দিৰ নিৰ্মাণ কৰি দিছিল বুলি কিছু তথ্যৰ দ্বাৰা জনাযায়। মুঠতে সাধাৰণ ভাবে কবলৈ গলে মূল মণিপুৰীয়া থান খন ১৩,১৪শতিকাতে থাপন কৰা।
লখিমপুৰ জিলাৰ এখন লুপ্ত হোৱা নৈ হৈছে “ঘাগৰ” যি খন আজি কিছু বছৰৰ আগত সোৱণশিৰি বুকুত মিলি গ’ল।সেই নৈ খনতে ঘুলীৰ নামৰ এক চাপৰি আছিল তাতে ৪০ দশকত এজন বিহাৰী মুছলমান মাছমৰীয়াই মাছ মাৰোতে জালত এটা সোণৰ মূৰ্তি উঠি আহিছিল যাক তেওঁ পাৰৰ ঔ গছৰ তলত ৰাখি পূজা অৰ্চনা কৰিছিল পিছত মূৰ্তিটোক সেই ঠাইৰ সোণোৱাল কছাৰী সকলে বুঢ়ী গোসাঁনী নাম দি থান পাতি প্ৰতিষ্ঠা কৰিল। এই মূৰ্তিটো কৰ আছিল কেনেকৈ আহিল কব পৰা নাযায় যদিও প্ৰবাদ মতে ৰজা আৰিমত্ত যেতিয়া নিজৰ দেউতাকক হত্যা কৰিছিল তাৰ পাছত তেওঁ এই ঘাগৰ নদীতে পূজা দি অস্ত্ৰ ধুই বিভিন্ন বাচন বৰ্তন বিসৰ্জন দিছিল বুলি জনাযায়।সেই বিসৰ্জন দিয়া বস্তু বোৰৰ ভিতৰত এই মূৰ্তিটোও আছিল বুলি বহু লোকে বিশ্বাস কৰে।
লখিমপুৰ জিলাৰ আন এখন অন্যতম থান হ’ল গৰখীয়া থান। দাংধৰা নামৰ এখন নৈৰ পাৰত অৱস্থিত এই থান এখন শক্তিপীঠ। থান খনত এযোৰ শিলৰ ৯চেণ্টিমিটাৰৰ পদচিহ্ন আছে।প্ৰবাদ মতে এইয়া বিষ্ণুৰ ভৰিৰ চিহ্ন বুলি কয়।ইয়াক উদ্ধাৰ ওচৰতে থকা দৌলগুৰি নামৰ এখন বিলত এবাৰ মাছ মাৰোতে হৈছিল। ইয়াত থকা মূৰ্তিটো শিলৰ কিন্তু সম্পূৰ্ণ মূৰ্তি নাই ভগ্নাংশশেষ হে আছে।
লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অৱস্থিত এখন ঠাই নাম হৈছে লেতেকুপুখুৰী য’ত মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল। এই পুখুৰী পাৰতে বৰ্তমান নিৰ্মাণ কৰা হৈছে মাধৱ থান। যদিও এই থান একেবাৰে নতুন তথাপি ই মাধৱদেৱৰ থান হোৱা বাবে ইয়াৰ গুৰুত্ব গোটেই অসম জুৰি বিয়পি আছে।
লখিমপুৰ জিলা আৰু এখন উল্লেখযোগ্য আন এখন থান হ’ল লখিমপুৰীয়া ডাঙৰীয়া পৰমপুৰুষ থান। ইয়াক এখন আহোম ৰাজ্যৰ কোঁৱৰে থাপন কৰিছিল যি জন যেতিয়া ল’ৰা ৰজাৰ বাবে গদাধৰ সিংহৰ দৰে বহু কোঁৱৰে পলাই ফুৰিছিল তাৰে ভিতৰত এজন। তেওঁ পলাই আহি লক্ষীমপুৰত বাস কৰিছিল। পিছত যেতিয়া গদাধৰ সিংহই ৰজা হৈ তেওঁৰ বিষয়ে গম পাই ৰাজ কাৰেং লৈ মাতি আনিছিল, তেতিয়া নিজৰ ফৈদৰ বুলি জানি পদ দি লখিমপুৰলৈকে আকৌ পঠাই দিছিল।
ইয়াতে শেষ নহয়, উপৰত উল্লেখ কৰা থান সমূহৰ উপৰিও লখিমপুৰ বিভিন্ন প্ৰান্তত আৰু বহুতো থান আছে যি সমূহৰ প্ৰতি খন থানৰে আছে বেলেগ বেলেগ প্ৰবাদ, ইতিহাস আৰু কাহিনী যিয়ে কৰি আছে অতীতৰ পৰা গোটেই অসমৰ ৰাইজক দি আছে আধ্যাত্মিকতাৰ এক সুন্দৰ পৰিৱেশ। দেৱী থান দেওঘৰ, বদুলা আতাৰ থান,সকৰহি থান, শ্ৰী শ্ৰী ফুলনি থান, বিহানী থান, নাহৰণি থান, বাপৰ থান, ভেবেচি থান, মাহধুৱা থান, ফুলবাৰী থান, বেলগুৰি থান আদি।
মুন শৰ্মা,লখিমপুৰ