লখিমপুৰ আৰক্ষীৰ নৰ্থ লখিমপুৰ কলেজৰ অধ্যাপক হেমন্ত শৰ্মাক আটক

লখিমপুৰ আৰক্ষীৰ নৰ্থ লখিমপুৰ কলেজৰ অধ্যাপক হেমন্ত শৰ্মাক আটক

ৰঙিলী বাৰ্ত্তাসেৱা- নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্ত্বশাসিত)ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° হেমন্ত শৰ্মাৰ বিৰুদ্ধে উত্থাপিত হৈছিল গুৰুতৰ নিৰ্যাতনৰ অভিযোগ। অভিযুক্ত অধ্যাপক ড°হেমন্ত শৰ্মাক  লখিমপুৰ আৰক্ষীয়ে আটক কৰিছে ৷ ছাত্ৰীক নিৰ্যাতন চলোৱাৰ অভিযোগত ড°হেমন্ত  শৰ্মাক লখিমপুৰৰ আৰক্ষীয়ে নিজ ঘৰৰ পৰা আটক কৰে।উল্লেখযোগ্য যে, অসমীয়া বিভাগৰ কেইবাগৰাকী ছাত্ৰীৰ ওপৰত নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল ভুক্তভোগী ছাত্ৰীয়ে ৷ কলেজ কতৃপক্ষই এই বিষয়ে উপায়ুক্তৰ জৰিয়তে অৱগত কৰিছিল লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক৷