লখিমপুৰৰ পথালিপাহাৰত ভয়ংকৰ পথ দুর্ঘটনা

লখিমপুৰৰ পথালিপাহাৰত ভয়ংকৰ পথ দুর্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- অসম-অৰুণাচলৰ সীমান্তবর্তী পথালি পাহাৰ টোলগেটত সংঘটিত হৈছে এই মর্মান্তিক দুর্ঘটনা। দুৰ্ঘটনাটোত শিশুসহ একেটা পৰিয়ালৰ তিনিগৰাকীকৈ লোকৰ মৃত্যু। প্রাপ্ত বাতৰি মতে, মঙলবাৰে বিয়লি ৩.৩০ মান বজাত নাৰায়ণপুৰ দিশৰ পৰা হাৰমতী দিশে আহি থকা এএছ-০৭জে-৬৫১৪ নম্বৰৰ ছুইফট ডিজায়াৰখনে নিয়ন্ত্রণ হেৰুৱাই টোলগেটৰ ডিভাইডাৰত খুন্দা মৰাত থিতাতে মৃত্যু হয় চালকৰ আসনত থকা দীপাংকৰ হাজৰিকা আৰু আগফালৰ আসনত বহা পত্নী পৰী হাজৰিকাৰ।

 

 

পিছফালৰ আসনত থকা দীপাংকৰৰ পিতৃ যজ্ঞোৰাম হাজৰিকাৰ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়। দীপাংকৰ আৰু পৰীৰ কণমানি কন্যা বিদিশা হাজৰিকাক সংকটজনক অৱস্থাত লালুক আদর্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও গুৰুতৰভাৱে মূৰত আঘাতপ্রাপ্ত শিশুটিক লালুক আদর্শ চিকিৎসালয়ৰ চিকিৎসকে মৃত বুলি ঘোষণা কৰে।মৃত দীপাংকৰ হাজৰিকা আছিল লালুক দুই নং গড়মূৰ এমভি স্কুলৰ সহকাৰী শিক্ষক। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।এই শোকাৱহ খবৰে সমগ্র হাৰমতী অঞ্চলত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।