লখিমপুৰৰ নাওবৈছা বিধানসভা সমষ্টিত আপৰ দলীয় সভা

লখিমপুৰৰ নাওবৈছা বিধানসভা সমষ্টিত আপৰ দলীয় সভা

ৰঙিলী বাৰ্ত্তাসেৱা –  লখিমপুৰ জিলাৰ নাওবৈছা বিধানসভা সমষ্টিতো আম আদমি পাৰ্টীৰ গাঁৱলৈ যাত্ৰাৰ শুভাৰম্ভ কৰা হয়৷  নাওবৈছাৰ যুৱনগৰত অনুষ্ঠিত হোৱা এক দলীয় সভাত আপৰ উঃপূঃ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাই গাঁৱলৈ যাত্ৰাৰ শুভাৰম্ভ কৰে৷ শৰ্মাই উল্লেখ কৰে যে এখনি শক্তিশালী অসমৰ বাবে শিক্ষা আৰু স্বাস্থ্যসেৱাত গুৰুত্ব দিব লাগিব৷ দিল্লী-পঞ্জাৱত শিক্ষা আৰু স্বাস্থ্যসেৱাৰ উন্নতি দেখি বিজেপিয়ে আপৰ নেতা সকলক বান্ধিব বিচাৰিছে৷ বিদেশী লোকে দিল্লীৰ শিক্ষা আৰু স্বাস্থ্যসেৱাৰ শলাগ লৈছে আৰু বিজেপিয়ে নিজৰ পৰিয়াল আৰু বন্ধুৰ উন্নতি কৰিবলৈ উঠিপৰি লাগিছে৷ আম আদমি পাৰ্টীৰ ৰাজ্যিক সভাপতি ডা° ভবেন চৌধুৰীয়ে বিজেপিৰ জনবিৰোধী কামৰ নিন্দা কৰি কয় যে সমষ্টিৰ পুনঃনিৰ্ধাৰণৰ নামত নাওবৈছা সমষ্টিৰ লোকক প্ৰতাৰণা কৰিলে বিজেপিৰ চৰকাৰে৷ আজিৰ এই অনুষ্ঠানত ৰাজ্যিক সম্পাদক ভিক্টৰ গগৈ, ৰাজ্যিক যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱা, লখিমপুৰ জিলাৰ সভাপতি মহেন্দ্ৰ শইকীয়া, সম্পাদক মুকুট গগৈ সহিতে আন আন বিষয়ববীয়া সকলো উপস্থিত থাকে৷