লখিমপুৰত সুধাকণ্ঠৰ প্ৰতিমূৰ্তি উন্মোচন মুখ্যমন্ত্ৰীৰ

লখিমপুৰত সুধাকণ্ঠৰ প্ৰতিমূৰ্তি উন্মোচন মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা–  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই লখিমপুৰত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ এটা বিশাল প্রতিমূর্তি উন্মোচন কৰে। লগতে এটা গৌৰৱ পথৰো শুভউদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লখিমপুৰ বিশ্ববিদ্যালয়ৰ কাষতে ৪০ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ বিশাল প্রতিমূর্তিটো বৃহৎসংখ্যক জনতাৰ উপস্থিতিত এক আনন্দমুখৰ পৰিৱেশত মুখ্যমন্ত্ৰীগৰাকীয়ে উন্মোচন কৰে। তাৰ পূৰ্বে নগৰৰ শিৱ মন্দিৰৰ সমীপৰ পৰা লখিমপুৰ বিশ্ববিদ্যালয় চাৰিআলিলৈ ২.৮৭ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ সম্পূৰ্ণ কৰা ০.৫৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গৌৰৱ পথটোৰো শুভ উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজলৈ উৎসর্গা কৰে। বিপুল হর্ষোল্লাসৰ মাজত মুখ্যমন্ত্ৰীগৰাকীয়ে এই দুয়োটা কাৰ্যসূচী সমাপণ কৰে। কাৰ্যসূচীৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী চলি থকা বছৰটোতে লখিমপুৰত লখিমপুৰ বিশ্ববিদ্যালয়ৰ সমীপত তেওঁৰ এই বিশাল প্রতিমূৰ্তিটো উন্মোচন কৰা হৈছে। তাৰ বাবে মই স্থানীয় বিধায়ক মানৱ ডেকাৰ লগতে লখিমপুৰৰ ৰাইজক ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। অগপৰ সৈতে মিত্ৰতাৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অগপ এটা স্বতন্ত্ৰ ৰাজনৈতিক দল। অগপ বিজেপিৰ অধীন নহয়। তেওঁলোকৰ নিজা আদর্শ আছে। নিজা দৃষ্টিভংগী আছে। নিৰ্বাচনৰ আগতে বিজেপিৰে মিত্ৰতা হয়, আসন বুজাবুজি কৰে। মই তেওঁলোকৰ দলীয় কথাত মন্তব্য দিব নোৱাৰোঁ। ২০২৬ৰ নিৰ্বাচনৰ আগত আমি কথা পাতিম। যদি কথা মিলে মিত্রতা হ’ব। যদি নিমিলে আমি আকৌ আলাপ-আলোচনাত বহিব লাগিব। কিন্তু এই পর্যন্ত তেওঁলোকৰ সৈতে কথা পতা নাই। জানুৱাৰী মাহতহে আমি কথা পাতিম। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ঘটনাটোত এজন মুখ্যমন্ত্রীয়ে যিমান কৰিব পাৰে মই তাৰ কোনো কম কৰা নাই। বৰং এখোপ বেছিহে কৰিছোঁ। সেই কথা সময়ে প্ৰমাণ কৰিব। আৰক্ষীয়ে যিদিনা চার্জশীট দিব, সেইদিনা প্রমাণ হ’ব আমি কিমান কষ্ট কৰি, গুৰুত্ব দি ঘটনাক্ৰম পাৰ কৰিছোঁ। এই কাৰ্যসূচীত লখিমপুৰৰ বিধায়ক মানৱ ডেকা, বিহপুৰীয়াৰ বিধায়ক অমিয় ভূঞা, ঢকুৱাখনাৰ বিধায়ক নৱ দলে, যুৱ আয়োগৰ সদস্য ঋষিৰাজ হাজৰিকাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল।