লখিমপুৰত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰে মুখ্যমন্ত্ৰী ড° শর্মাই
ৰঙিলী বাৰ্ত্তাসেৱা- লখিমপুৰৰ বিকাশ যাত্ৰাক ত্বৰান্বিত কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই বুধবাৰে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আভাষীয় উদ্বোধন আৰু শিলান্যাস সম্পন্ন কৰে। ইয়াৰ ভিতৰত প্রায় ২.৫৮ কোটি টকা ব্যয়েৰে নিৰ্মিত অসম চৰকাৰী ছপাশালৰ লখিমপুৰ শাখাৰ শুভ উদ্বোধন কৰা হয়, যিয়ে জিলা প্রশাসনৰ গুৰুত্বপূৰ্ণ নথিপত্র স্থানীয়ভাৱে আৰু গোপনীয়তাৰে ছপা কৰাত সহায়ক হ’ব। পথ সুৰক্ষা অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে ASRIP আঁচনিৰ অধীনত ১৬.৭০ কোটি টকা ব্যয়েৰে জিলাখনৰ ১৫.৫৫ কিলোমিটাৰ বিপদসংকুল পথৰ উন্নীতকৰণ আৰু উত্তৰ লখিমপুৰ চহৰত ৭৫৭টা স্মার্ট এলইডি ষ্ট্ৰীটলাইট স্থাপনৰ কামৰো শুভাৰম্ভণি কৰা হয়। শৈক্ষিক আৰু আন্তঃগাঁথনিমূলক উন্নয়নৰ দিশত পদক্ষেপ গ্রহণ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই প্রায় ১০ কোটি টকা ব্যয়েৰে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্রকল্পৰ শিলান্যাস কৰে। ইয়াৰ সমান্তৰালকৈ বিশ্ববিদ্যালয় চৌহদক বান আৰু খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ ২.৩৩ কোটি টকা ব্যয়েৰে সোমদিৰি নৈৰ গাইড বান্ধত বান প্ৰতিৰোধী দেৱাল নিৰ্মাণৰ শিলান্যাস কৰা হয়, যিটোপৰৱৰ্তী সময়ত ৱাকিং জ’ন হিচাপে গঢ়ি তোলা হ’ব। ইয়াৰ উপৰি পদুমনি আই থানৰ সমীপত ৬.৫২ কোটি টকা ব্যয়েৰে ১০ বিঘা ভূমিত পদুমনি প্রকৃতি উদ্যান আৰু আধ্যাত্মিক উৎকর্ষতা কেন্দ্ৰ আৰু লখিমপুৰ চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ৰ আন্তঃগাঁথনি আৰু সুৰক্ষা ব্যৱস্থা উন্নত কৰাৰ বাবে ৭.৩০ কোটি টকাৰ মেৰামতি আৰু নৱীকৰণ প্ৰকল্পৰো শিলান্যাস কৰা হয়। এই উপলক্ষে আয়োজিত বিশাল জনসভাত ভাষণ দি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে আজিৰ দিনটো লখিমপুৰৰ লগতে সমগ্ৰ অসমৰ বাবে এক ঐতিহাসিক ক্ষণ। অলিম্পিকপদক বিজয়ী লাভলীনা বৰগোহাঁইৰ নামত উৎসর্গিত এই বিশাল আৰু সুন্দৰ ষ্টেডিয়ামখন লখিমপুৰবাসীৰ বাবে চৰকাৰৰ এক অনন্য উপহাৰ। যেতিয়া মই অসম চৰকাৰৰ বিত্তমন্ত্ৰী আছিলোঁ, তেতিয়াই এই ষ্ট্ৰেডিয়ামখনৰ নিৰ্মাণৰ কথা ঘোষণা কৰিছিল। পৰৱৰ্তী সময়ত লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী হিচাপে ব্যক্তিগতভাৱে বহুবাৰ এই নিৰ্মাণস্থলী পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লৈছিলোঁ। লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ নিৰন্তৰ প্ৰচেষ্টা আৰু ৰাইজৰ আশীৰ্বাদৰ ফলতে ১১৮ কোটি টকা ব্যয়েৰে নিৰ্মিত এই অত্যাধুনিক ক্রীড়া প্রকল্পটো বাস্তৱায়িত হ’ল। ষ্টেডিয়ামখনৰ ক্ৰিকেট অংশত এতিয়াও ফ্লাড লাইটৰ অভাৱ আছে, কিন্তু চৰকাৰে অতি সোনকালেই তাতো উন্নতমানৰ ফ্লাডলাইট সংযোগ কৰিব। তদুপৰি ইয়াক কেৱল এখন খেলপথাৰ হিচাপে নাৰাখি ইয়াত উন্নত প্ৰশিক্ষণৰ ব্যৱস্থা, একাডেমী আৰু খেলুৱৈৰ বাবে হোষ্টেলৰ সুবিধা কৰি দিয়া হ’ব, যাতে ক্রমান্বয়ে এই স্টেডিয়ামখন আৰু অধিক আগুৱাই যায়। ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত ৰাইজক ১ লাখ চৰকাৰী চাকৰি দিয়াৰ যি প্রতিশ্রুতি দিছিলোঁ, সেয়া পালন কৰাটো বহুতেই অসম্ভৱ বুলি ভাবিছিল। চৰকাৰী বিষয়াসকলেও সাৱধান কৰি দিছিল যে বিগত পাঁচ বছৰীয়া কাৰ্যকালবোৰত কোনো এখন চৰকাৰেই ২৫ হাজাৰতকৈ অধিক নিযুক্তি দিব পৰা নাই, গতিকে ১ লাখ চাকৰি কেতিয়াও সম্ভৱ নহ’ব। কিন্তু আমাৰ চৰকাৰে অসাধ্যক সাধন কৰি দেখুৱালে। এতিয়ালৈকে অসমৰ ১ লাখ ৬৫ হাজাৰ ল’ৰা-ছোৱালীক চৰকাৰী চাকৰি দিয়া হৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল সম্পূৰ্ণ স্বচ্ছতাৰে এই নিযুক্তি প্ৰদান কৰা হৈছে। অহা কেইদিনমানৰ ভিতৰত নিৰ্বাচন ঘোষণাৰ পূৰ্বেই আৰু ৪-৫ হাজাৰ ল’ৰা-ছোৱালীক চৰকাৰী চাকৰি দিয়া হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ক’ভিডৰ সময়ত যেতিয়া বাহিৰত থকা ল’ৰা-ছোৱালীৰ বাবে চৰকাৰে সাহায্য ঘোষণা কৰিছিল, তেতিয়া প্রায় ২০ লাখ ল’ৰা-ছোৱালীৰ তথ্য চৰকাৰৰ হাতলৈ আহিছিল। ইয়াৰ অৰ্থ হ’ল অসমৰ প্ৰায় ২০ লাখ যুৱক-যুৱতীয়ে বাহিৰত ছিকিউৰিটী গার্ড বা দোকানত ১২ হাজাৰটকীয়া দৰমহাত কাম কৰি আছে। এই কম দৰমহাৰে তেওঁলোকে নিজৰ থকা-খোৱাৰ খৰচ উলিয়াই ঘৰলৈ পইচা পঠিয়াব নোৱাৰে। বহু সময়ত বাহিৰত কোনোবা অসমীয়া ল’ৰাৰ বেমাৰ হ’লে চিকিৎসা কৰিবলৈ পইচা নাথাকে আৰু মৃত্যু হ’লে মৃতদেহটো ঘৰলৈ আনিবলৈও সম্বল নাথাকে। এনে কৰুণ পৰিস্থিতিৰ বাবেই চৰকাৰে ‘শ্রদ্ধাঞ্জলি’ আঁচনি আৰম্ভ কৰিবলগীয়া হৈছে। যোৱা এবছৰত অসম চৰকাৰে বাহিৰত মৃত্যু হোৱা ৬০০ গৰাকী অসমীয়া ল’ৰা-ছোৱালীৰ মৃতদেহ চৰকাৰী খৰচত ঘৰলৈ আনিছে। এয়া অতি দুখৰ কথা যে অসমত উদ্যোগ আৰু ব্যৱসায়ৰ পৰিৱেশ নথকাৰ বাবে আমাৰ যুৱকসকলে বাহিৰত গৈ চিকিৎসাৰ অভাৱত মৃত্যুবৰণ কৰিবলগীয়া হৈছে। এই প্রসংগত অলপতে ঢকুৱাখনাৰ চাৰিজন মিচিং ল’ৰা একেটা কোঠাতে মৃত্যুমুখতপৰাৰ ঘটনাই সমগ্র অসমকে কঁপাই যোৱাৰ কথাও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে অসমৰ কপালৰ পৰা এই কলংক নোহোৱা কৰিবলৈ যোৱা পাঁচ বছৰত চৰকাৰে আন্দোলন আৰু ধৰ্ণামুক্ত এটা পৰিৱেশ সৃষ্টি কৰিছে। ইয়াৰ ফলত টাটা ছেমিকণ্ডাক্টৰ, নামৰূপৰ সাৰ কাৰখানা আৰু ধুবুৰীৰ থাৰ্মেল পাৱাৰ প্ৰজেক্টৰ দৰে প্ৰকাণ্ড উদ্যোগসমূহ অসমলৈ আহিবলৈ ধৰিছে। বৰ্তমান অসমত প্ৰায় ৩ লাখ কোটি টকাৰ বিনিয়োগ আৰম্ভ হৈছে। এই উদ্যোগসমূহে হাজাৰ হাজাৰ যুৱকক কর্মসংস্থাপন দিব। উদাহৰণ স্বৰূপে জাগীৰোডত যদি ৩০ হাজাৰ মানুহে চাকৰিপায় আৰু ২০ হাজাৰকৈ দৰমহা পায়, তেন্তে মাহেকত ৬০ কোটি টকা সেই অঞ্চলৰ অৰ্থনীতিত সোমাব। ইয়াৰ দ্বাৰা থলুৱা দোকান-পোহাৰ, স্কুল আৰুপৰিবহণ ব্যৱসায় লাভান্বিত হ’ব। যদি আমি এই উদ্যোগীকৰণৰ পৰিৱেশ ধৰি ৰাখিব পাৰোঁ, তেন্তে অহা পাঁচ বছৰত অসম দেশৰ ভিতৰতে এখন অগ্ৰণী ৰাজ্য হিচাপে পৰিচিত হ’ব। আমাৰ যুৱকসকলক ব্যৱসায়ী হিচাপে গঢ়ি তুলিবলৈ ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান’ আৰম্ভ কৰা হৈছে। এই আঁচনিৰ অধীনত চৰকাৰে ২ লাখ টকাকৈ সাহায্য আগবঢ়াইছে। প্রথম কিস্তিত ৭৫ হাজাৰ টকা দিয়া হ’ব, তিনিদিনীয়া প্ৰশিক্ষণৰ পাছত ২৫ হাজাৰ টকা আৰু ব্যৱসায়ৰ অগ্রগতি চাই আৰু ১ লাখ টকা দিয়া হ’ব। তেওঁ স্পষ্টকৈ কয় যে ইয়াৰে ১ লাখ টকা অনুদান আৰু ১ লাখ টকা ৫ বছৰৰ পাছত বিনাসুদে ঘূৰাই দিলেই হ’ব। তেওঁ কয় যে এই আঁচনিৰ বাবে কোনো কাগজ-পত্ৰ বা বন্ধকীৰ প্ৰয়োজন নাই, ই কেৱল চৰকাৰৰ অসমীয়া যুৱকৰ ওপৰত থকা ‘বিশ্বাস’ আৰু ‘আস্থা’ৰ ওপৰত আধাৰিত। এই অভিযানৰ অধীনত বিগত বৰ্ষত পুঁজি লাভ কৰা ২৫ হাজাৰ হিতাধিকাৰীৰ ভিতৰত ২০ হাজাৰেই সফল হৈছে আৰু সেইবাবেই এইবাৰ ৭৫ হাজাৰক দিয়া হৈছে। তেওঁৰ পৰিকল্পনা অনুসৰি অহাপাঁচ বছৰত ১০ লাখ যুৱক-যুৱতীক এই সাহায্য দিয়া হ’ব। মুখ্যমন্ত্রী ড° শর্মাই কয় যে অসমীয়া মানুহে এতিয়া এক গভীৰ সংকটৰ মাজেৰে পাৰ হৈছে। ধুবুৰী, গোৱালপাৰা, বৰপেটা আৰু নগাঁৱৰ লগতে লখিমপুৰৰ বহু ঠাইত অসমীয়া মানুহ সংখ্যালঘু হৈ গৈ আছে। অসমত এতিয়া একাংশ লোকে টকাৰ বলেৰে আমাৰ মাটি- বাৰী কিনি লৈছে। খিলঞ্জীয়াই মাটি বিক্ৰী কৰিছে আৰু আন লোকে সেই মাটি কিনি অর্থনৈতিক আৰু ৰাজনৈতিক শক্তি আঁজুৰি লৈছে। তেওঁ উদাহৰণ দি কয় যে মাজুলী বা ঘুণাসুঁতিৰ দৰে ঠাইত দলং বনাওতে ধুবুৰীৰ পৰা যদি ২০০ শ্রমিক আহে, কাম শেষ হোৱাৰ পাছত ১৫০জন ঘূৰি যায় যদিও ৫০জন তাতে ৰৈ যায় আৰু কেইবছৰমানৰ পাছত তাতে একোটা নতুন ভোটকেন্দ্ৰ আৰম্ভ হয়। ভোটৰ ভয়ত বহু নেতাই এইবোৰ কথা নকয়, কিন্তু মই অসমৰ বাবে সদায় সঁচা কথা কৈ যাম। তেওঁৰ মতে, অসমীয়া ল’ৰাই শ্রম নকৰিলে আৰু ব্যৱসায়ত নধৰিলে ১০ বছৰৰ পিছত আমি অসমত সকলো হেৰুৱাম। জাতীয়তাবাদৰ সংজ্ঞা এতিয়া সলনি হ’ব লাগে। জুই জ্বলাই জোঁৰ সমদল কৰিলে বা আন্দোলন কৰিলে অসমপ্রেম প্রমাণ নহয়। বৰঞ্চ খেতি কৰি বা ব্যৱসায় কৰি আৰু দুজন অসমীয়া ল’ৰাক চাকৰি দিয়াহে আজিৰ দিনত আটাইতকৈ ডাঙৰ জাতীয়তাবাদ। তেওঁ কয় যে অসমীয়া ল’ৰাই কাম নকৰে বুলি যিটো বদনাম দিয়া হৈছিল, সেয়া এক ষড়যন্ত্র আছিল। যাতে বাহিৰৰ পৰা কম দামত শ্রমিক আনিবপাৰি। বগীবিল দলং বা ভাস্কৰ বৰ্মা সেতুৰ নিৰ্মাণত আমাৰ ল’ৰাই শ্ৰম কৰি এই বদনাম মোহাৰি পেলাইছে বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই অত্যন্ত দৃঢ়তাৰে কয় যে যোৱা পাঁচ বছৰত ৰাইজে যি উন্নয়ন বা উচ্ছেদ দেখিছে, সেয়া আছিল কেৱল ‘নৃত্য-নাটিকা’হে, আচল ‘থিয়েটাৰ’ বা ‘চিনেমা’ অহা পাঁচ বছৰতহে দেখা পাব। তেওঁ কয় যে যোৱা সময়ছোৱাত ডেৰ লাখ বিঘা মাটি বেদখলমুক্ত কৰা হৈছে। কিন্তু অহা পাঁচ বছৰত ৫ লাখ বিঘা মাটিৰ পৰা বেদখলকাৰীক খেদি পঠোৱা হ’ব। আমাৰ লক্ষ্য হ’ল জাতিটোকপুনৰ অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে প্রতিষ্ঠা কৰা। চৰকাৰে আগবঢ়োৱা সাহায্যৰ সদ্ব্যৱহাৰ কৰি একো একোগৰাকী সফল ব্যৱসায়ী হৈ জননী-জন্মভূমিৰ প্ৰতি দায়িত্ব পালন কৰিবলৈ তেওঁ হিতাধিকাৰীসকললৈ আহ্বান জনায়। এই অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ড, সাংসদ প্রদান বৰুৱা, বিধায়ক মানৱ ডেকা, ভুবন পেণ্ড, অমিয় কুমাৰ ভূঞা আৰু নৱ কুমাৰ দলে, প্রাক্তন বিধায়ক ভূপেন বৰা আৰু দেৱানন্দ হাজৰিকা, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, লখিমপুৰ জিলাপৰিষদৰ সভানেত্রী ছোনিয়া বৰগোহাঁই, ক্রীড়াবিদ লাভলীনা বৰগোহাঁইকে ধৰি বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি তথা লখিমপুৰ আৰু ধেমাজি জিলাৰ আয়ুক্তদ্বয় প্ৰণৱজিৎ কাকতি আৰু ৰাহুল সুৰেশ জাবীৰ প্ৰমুখ্যে উচ্চপদস্থ বিষয়াবর্গ উপস্থিত থাকে।
