লক্ষ্মী পূজাৰ কিছু অনুভৱ – ৰশ্মি ৰেখা দুৱৰা

Pc- Indus Scrolls

লক্ষ্মী পূজাৰ কিছু অনুভৱ

ৰশ্মি ৰেখা দুৱৰা, ডিব্ৰুগড়

দুৰ্গা পূজাৰ পাছৰ পূৰ্ণিমা তিথিত লক্ষ্মী পূজা অনুষ্ঠিত কৰা হয়।লক্ষ্মী দেৱীক ধন,সম্পদ,উন্নতি, পোহৰ,জ্ঞান,সৌভাগ্য,উৰ্বৰতা,দানশীলতা,সাহস আৰু সৌন্দৰ্যৰ দেৱী বুলিও কোৱা হয়।জনবিশ্বাস মতে লক্ষ্মী পূজাৰ দিনা লক্ষ্মী দেৱী তেওঁৰ ভক্তসকলৰ ঘৰলৈ আহি তেওঁলোকক আশীৰ্বাদ দিয়ে। লক্ষ্মী দেৱীক আদৰিবলৈ ভক্তসকলে ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰে, ফুল আৰু পোহৰেৰে নিজৰ ঘৰ আলোকিত কৰে।ভক্তসকলে বিশ্বাস কৰে যে তেওঁলোকে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিব পাৰিলে তেওঁলোকে দেৱীৰ কৃপা লাভ কৰে।দুৰ্গা পূজা যোৱাৰ লগে-লগেই  লক্ষ্মী পূজালৈ বাট চাই থাকোঁ।সেই দিনটো গাঁৱৰ পৰিৱেশত খুবেই ভাল লাগে।পুৱাৰে পৰা ঘৰ চফা কৰাৰ লগতে গাঁৱৰ ৰাইজে নামঘৰটো সাৰি,মুচি চফা কৰি মা-প্ৰসাদবোৰ তিয়াই ৰাখে,যাতে পিছবেলালৈ সম্পূৰ্ণ কোমল হৈ যায়।লক্ষ্মী দেৱীক আদৰণি জনাবৰ বাবে জ্যেষ্ঠ বৰদেউতাসকলে  কলগছৰ পটুৱাৰে দোলা সাজি দিয়ে।দোলাখন নামঘৰৰ ভিতৰচ’ৰালৈ নি ফুলৰ মালা গাঁঠি মেৰিয়াই সকলো ৰাইজে দোলাখনত ধূপ জ্বলাই, নামঘৰত চাকি জ্বলাই সেৱা কৰে।গোপিনী আই সকল সাজু হয়,লক্ষ্মী দেৱীক আদৰণি জনাবলৈ।দুগৰাকীমান গোপিনী আয়ে হাতত চেৰেকী লৈ এঁৱা সূতা মেৰিয়াই লয়।দুজন ডেকা ল’ৰাই দোলাখন কান্ধত তুলি লয়।আৰু পুষ্পিতা নোহোৱা দুগৰাকী কণমানি ছোৱালীক মূগাৰ সাজ পিন্ধাই,কান্ধত জাকৈ লৈ যাবলৈ দিয়ে।সকলোৱে  নামঘৰৰ পৰা লক্ষ্মী দেৱীৰ নাম গায় গায় গাঁৱৰ সিমূৰত পানী থকা খাৱৈটোলৈ গতি কৰে।চেৰেকীৰ এঁৱা সূতাবোৰ ৰাস্তাৰ দুয়োকাষে মেৰিয়াই নিয়ে।দোলাখনো লাহে লাহে যাত্ৰা কৰে,আৰু কণমানি নাচনী দুজনীয়ো ৰংমনেৰে কান্ধত জাকৈ লৈ লখিমী আনিবলৈ যাত্ৰা কৰে।বোকা-পানী থকা খাৱৈটো পোৱাৰ লগে-লগে লখিমী তোলা নামেৰে দুয়োজনী ছোৱালীয়ে জাকৈ বায়,জাকৈত উঠা বোকা মাটিবোৰ পানীৰে সৈতে দোলাখনত তুলি দিয়ে।আৰু নামঘৰ অভিমুখে সকলোৱে নাম গায় যাত্ৰা কৰে।নামঘৰত গোপিনী সকল পোৱাৰ লগে-লগে প্ৰত্যেক ঘৰৰ একোজন ব্যক্তি লখিমী আনিবৰ বাবে তাত গৈ  উপস্থিত হয়।কোনোৱে বাঁহৰ চুঙা,কোনোৱে বটল লৈ যায়।ডাঙৰ এটা যতনত বোকা মাটিবোৰ দোলাখনৰ পৰা ঢালি দি পানী মিহলি কৰি দিয়ে।তাকেই সকলোৱে ঘৰলৈ আনি ভঁৰালৰ ভিতৰত ৰাখি থয়।সকলোকে লখিমী বিলাই শেষ হোৱাৰ পাছত মা-প্ৰসাদৰ শৰাই আগবঢ়াই নাম গায় প্ৰাৰ্থনা কৰে।গধূলিলৈ ঘৰৰ চাৰিওকাষ মাটিৰ চাকিৰে পোহৰাই তোলে।তুলসী তল,ভঁৰাল আদি সকলোতে চাকি দিয়া হয়।ভঁৰালত লখিমী পিঠা দিয়া হয়।কোনোলোকে ঘৰৰ ভিতৰত শৰাই আগবঢ়াই,আৰু কোনোলোকে ভঁৰালৰ ভিতৰত শৰাই আগবঢ়াই মা লক্ষ্মীৰ পৰা আশিস বিচাৰে,ঘৰখন যাতে ধনে-ধানে উপচি পৰে।উক্ত দিনটোত সকলোৰে ঘৰত নিৰামিষ খায়।আৰু ৰাতিলৈ ৰুটি খোৱা হয়।গাঁৱৰ পৰিৱেশত সৰু সৰু ল’ৰাবোৰে নাৰিকলৰ খোলাত মম জ্বলাই ঘৰে-ঘৰে ৰুটি,মটৰ ঘুগুনীৰ সোৱাদ লোৱাটোও এক ভাল লগা স্ফূৰ্তিৰ সময়।বৰ্তমান সেই স্ফূৰ্তি হেৰাই যোৱাৰ দিশে।সৰুতে দৌৰি দৌৰি লখিমী অনা দৃশ্যবোৰ চোৱাৰ সময়কণ বৰ মধুৰ আছিল।এতিয়া নামঘৰবোৰত এনে নীতি-নিয়মবোৰ পালন কৰা খুবেই কমকৈ দেখা যায়।সকলো নীতি-নিয়ম নকৰিলেও অনুষ্টুপীয়াকৈ শৰাইখনি আগবঢ়াইয়ে মা লক্ষ্মীক সেৱা জনোৱা হয়।