লক্ষ্মীপূজাৰ তাৎপৰ্য – অনিতা গগৈ

Pc- Indus Scrolls
লক্ষ্মীপূজাৰ তাৎপৰ্য
অনিতা গগৈ,নগাওঁ
শৰতৰ পূৰ্ণিমা জোনাক ৰাতি অতি মনোৰম ৷ এই সময়খিনি এইবাবেই উত্তম গৰমৰ দিনবোৰে বিদায় মাগে আৰু ঠাণ্ডাৰ আগমন ঘটে ৷ শেৱালিৰ সোৱাসে চৌপাশ আমোলমোলাই থাকে ৷ কহুঁৱাই হালিজালি প্ৰাণ চঞ্চলা হৈ পৰে ৷ এনে এক সুন্দৰ দিনতে লক্ষ্মীপূজা অনুষ্ঠিত কৰা হয় ।
লক্ষ্মী দেৱী বিষ্ণুৰ ভাৰ্যা ,ধনৰ অধিষ্ঠিতা দেৱী বুলি আমি জানো । ত্ৰিদেৱী ভিতৰত তেওঁ অন্যতম দেৱী । যেতিয়া স্বৰ্গৰ দেৱতা সকলে অসুৰ ৰাজ বলিৰ হাতত পৰাজয় হয় আৰু দুৰ্বাসা মুনিৰ অভিশাপত শক্তিহীন হৈ পৰে ,তেতিয়া দেৱতা সকল নিজৰ শক্তি লাভৰ উপাই বিচাৰি ভগৱান বিষ্ণুৰ কাষ চাপে। ভগৱান বিষ্ণুই অসুৰ আৰু দেৱতা সকলক লগ হৈ সমুদ্ৰ মন্থনৰ উপাই দিয়ে । সাগৰ মন্থন কৰোতে সাগৰৰ পৰা ওলোৱা অমৃত পান কৰিলে  আগৰ অৱস্থা ঘুৰাই পাব লগতে অমৰত্ব লাভ কৰিব। শ্ৰী বিষ্ণুৱে দেৱতা সকলক অসুৰ সকলৰ সহায় ল’বলৈ বুদ্ধি দিলে যিহেতু দেৱতাসকলে এই কাম অকলে কৰিব নোৱাৰে । প্ৰথমে অৱস্থাত অসুৰসকল মান্তি হোৱা নাছিল ৷যেতিয়া দেৱতাসকলে অমৰ হোৱাৰ কথা ক’লে তেতিয়া অসুৰসকল মান্তি হ’ল ৷
শ্ৰীবিষ্ণুই বাসুকী নাগ আৰু মন্দৰাচল পৰ্বতক মন্থনত সহায় কৰিবলৈ ক’লে । বিষ্ণুই নিজে কুৰ্ম অৱতাৰ লৈ মন্দৰাচল পৰ্বতক দুবি নোযোৱাকৈ ভাৰ সাম্য ৰক্ষা কৰে। তাৰ ফলস্বৰূপে সাগৰৰ তলিৰ পৰা অমৃত কলহ লৈ লক্ষ্মী দেৱী  আবিৰ্ভাৱ হয় ৷তেতিয়া বিষ্ণুক মহাদেৱ আৰু ব্ৰহ্মাই লক্ষ্মীক পত্নীৰূপেে গ্ৰহণ কৰিবলৈ কয়৷ তেখেতসকলৰ কথা মতেই বিষ্ণুই লক্ষ্মী দেৱীক পত্নী ৰূপে গ্ৰহণ কৰে ৷
শৰৎ কালৰ পূৰ্ণিমাৰ ৰাতি লক্ষ্মী পূজা অনুষ্ঠিত হয়। ভাৰতীয় হিন্দুসকলৰ বিশ্বাসমতে লক্ষ্মী ধন-সোণৰ অধিষ্ঠাত্ৰী দেৱী। গ্ৰাম্য সমাজত প্ৰতিমা বা ঘট স্থাপন কৰি আয়তীৰ উৰুলি,আৰতিৰে এই পূজা পালন কৰে। আৰৈ চাউল ছটিয়াই লক্ষ্মী দেৱীক আমন্ত্ৰণ কৰি লক্ষ্মী পাঁ‌চালী,লক্ষ্মী চৰিত আদি পাঠ কৰি ভক্তি ভাবেৰে মংগল আৰু সমৃদ্ধি কামনা কৰা হয়। নামনি অসমৰ হাজো অঞ্চলত জাক-জমকভাৱে লক্ষ্মী পূজা অনুষ্ঠিত কৰে আৰু শিশু,যুৱক,আবাল বৃদ্ধ-বণিতা সকলোৱে ইয়াত অংশগ্ৰহণ কৰে। লক্ষ্মী পূজাৰ নৈবেদ্যৰূপে মাহ,প্ৰসাদ,পায়স আদি আগবঢ়োৱাৰ নিয়ম। ৰাজহুৱা বা ঘৰুৱাভাৱে পালন কৰিলেও পুজাৰ দিনা গধূলি ভঁ‌ৰাল বা পথাৰতো মানুহে বন্তি জ্বলায়।
লক্ষ্মী দেৱীক সন্তষ্ট কৰিলে ঘৰ ধন-সোণেৰে নদন-বদন হৈ পৰে বুলি বিশ্বাস কৰা হয়। সেইবাবেই শৰৎ ঋতুৰ পূৰ্ণিমাৰ নিশা লক্ষ্মী দেৱীক পূজা কৰা হয়। লক্ষ্মী দেৱীৰ চৰণ অংকণ কৰি চাউল ছটিয়াই দেৱীক ঘৰৰ ভিতৰলৈ আমন্ত্ৰণ জনোৱা হয়।
হিন্দুধৰ্মাৱলম্বীসকল বাবে লক্ষ্মীদেৱী ধন ,সম্পদ, উন্নতি, পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস,আধ্যাত্মিক, পাৰ্থিৱ, সৌন্দৰ্যৰ দেৱী।  তেওঁ ত্ৰিবেদী বুলি পৰিচিত পাৰ্বতী আৰু সৰস্বতীৰ মাজৰ এগৰাকী। লক্ষ্মী শব্দটো মূল সংস্কৃত শব্দ লক্ষ-ৰ পৰা আহিছে। যাৰ অৰ্থ হৈছে- ক্ৰমান্বয়ে লক্ষ্য কৰা,দৰ্শন কৰা,ভালকৈ চোৱা,নিৰিক্ষণ কৰা।  লক্ষ্মীৰ মূল শব্দটোৱে নিজ লক্ষ্যক জনা আৰু বুজাটোক সূচায়। ইয়াৰ সৈতে সৰ্ম্পকিত আন এটা শব্দ হৈছে লক্ষণ,যাৰ অৰ্থ হৈছে-চিহ্নযুক্ত,শুভচিহ্ন যুক্ত,ভাগ্যবান। লক্ষ্মী হৈছে ভগৱান বিষ্ণুৰ ভাৰ্যা। জনবিশ্বাস মতে লক্ষ্মীপূজাৰ দিনা লক্ষ্মী দেৱী তেওঁৰ ভক্তসকলৰ ঘৰলৈ আহি তেওঁলোকক আৰ্শীবাদ দিয়ে। লক্ষ্মী দেৱীক আদৰিবলৈ ভক্তসকলৰ ঘৰ-দুৱাৰ পৰিস্কাৰ কৰি,ফুল আৰু পোহৰেৰে নিজৰ ঘৰ আলোকিত কৰে। বিভিন্ন প্ৰকাৰৰ মিষ্টান্ন আৰু ভোগ ৰান্ধে। বিশ্বাস কৰা হয় লক্ষ্মীদেৱীক সন্তষ্ট কৰিব পাৰিলে ভক্তসকলে দেৱীৰ কৃপা লাভ কৰে।
পূৱ ভাৰতত আহিন মাহৰ দুৰ্গাপূজাৰ পিছত পূৰ্ণিমা তিথিত লক্ষ্মী পূজা অনুষ্ঠিত হয়। এই পূজাক কজাগৰী লক্ষ্মী পূজা বুলিও কোৱা হয়। সধবা তিৰোতাই সেইদিনা চাউলৰ গুড়ি আৰু আবীৰেৰে আল্পনা আঁ‌কি লক্ষ্মীপূজা পাতে। ঠাই বিশেষে লক্ষ্মী পূজাৰ নীতি-নিয়মৰ পাৰ্থক্য পৰিলক্ষিত হয়। বহুতৰে ঘৰত প্ৰতি বৃহস্পতিবাৰে লক্ষ্মী দেৱীৰ পূজা অনুষ্ঠিত কৰে। লক্ষ্মী পূজা হ’ল- দেৱী লক্ষ্মীৰ প্ৰতি উৰ্ছগিত পূজা।
লক্ষ্মী দেৱীক আদৰিবলৈ সকলোৱে ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰি, ফুল আৰু পোহৰেৰে নিজৰ ঘৰ সজাই আলোকিত কৰে, বিভিন্ন প্ৰকাৰৰ মিঠা আহাৰ আৰু ভোগ ৰান্ধে। ভক্তসকলে বিশ্বাস কৰে যে তেওঁলোকে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিব পাৰিলে তেওঁলোকে দেৱীৰ কৃপা লাভ কৰে।
তেওঁক ভক্তপ্ৰাণ লোকসকলে বিভিন্ন নামেৰে পূজা অৰ্চনা কৰে। মা লক্ষ্মীৰ বিভিন্ন নামসমূহ – বিষ্ণুপ্ৰিয়া, নন্দিকা, মনুশ্ৰী, চক্ৰিকা, কমলিকা, ঐশ্বৰ্যা , পদ্মা, কমলা, পদ্মাপ্ৰিয়া, পদ্মমুখী, পদ্মসুন্দৰী, বিষ্ণুপ্ৰিয়া, নন্দিকা, মনুশ্ৰী,চক্ৰিকা, কমলিকা, ঐশ্বৰ্য্য, লালিমা, ইন্দিৰা, কল্যাণী, নন্দিনী, বৈষ্ণৱী, ভাৰ্গৱী,শ্ৰীদেৱী, চঞ্চলা, মাধৱী, সুজাতা, প্ৰাচী, হৰিপ্ৰিয়া, মধু, পৰমা, মালতী,বিদ্যা, বসুদা, বেদাৱতী, ত্ৰিলোচনা, তিলোত্তামা, ক্ৰিয়ালক্ষ্মী, অপৰাজিতা,অৰুণা, অখিলা, বালা, পূৰ্ণিমা, সীতা, ৰাধা, ৰাধিকা, ৰুক্মিণী, তৰুণা, জ্যোৎস্না,জ্যোতি, স্বৰ্ণ কমলা, স্মৃতি আদি।
সমাপ্ত