লক্ষ্ণৌত আজি দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ মাজত চতুৰ্থখন টি-২০
ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ আফ্ৰিকাৰ বিপক্ষে খেলি থকা ৫খনীয়া টি-২০ মেচৰ শৃংখলাটোৰ চতুৰ্থখন মেচ আজি লক্ষ্ণৌত অনুষ্ঠিত হ’ব। ইতিমধ্যে শৃংখলাটোত ২-১ৰ অগ্রগতি লাভ কৰা ভাৰতীয় দলটোৱে মেচখনত বিজয় সাব্যস্ত কৰি ৩-১ৰ অগ্রগতিৰে শৃংখলাটো দখল কৰাৰ লক্ষ্য লৈছে। অৱশ্যে মেচখনৰ পূৰ্বে ভাৰতীয় দলটো কিছু পৰিমাণে চাপৰ সন্মুখীন হৈছে।অধিনায়ক সূর্যকুমাৰ যাদৱৰ ধাৰাবাহিক ব্যর্থতাই দলটোক চিন্তাত ৰখাৰ সময়তে তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহৰ মেচখনত অংশগ্রহণ অনিশ্চিত হৈ পৰিছে। পৰিয়ালৰ এজন সদস্য গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈ থকাৰ বাবে বুমৰাহে মেচখনত অংশগ্ৰহণ নকৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইফালে, শৃংখলাটোৰ অন্তিম দুখন মেচৰ পৰা বাহিৰ হৈছে তাৰকা অলৰাউণ্ডাৰ অক্ষৰ পেটেল। অসুস্থতাৰ বাবে অক্ষৰ পেটেলে শৃংখলাটোৰ পৰা বাহিৰ হয় আৰু তেওঁৰ স্থানত বংগৰ অলৰাউণ্ডাৰ শ্বাহবাজ আহমেদক ভাৰতীয় দলটোত অন্তর্ভুক্ত কৰা হৈছে। গুৰুত্বপূৰ্ণ মেচখনৰ পূৰ্বে ভাৰতীয় দলটোৰ অধিনায়ক সূর্যকুমাৰৰ দুৰ্বল প্রদর্শনত সম্প্রতি চিন্তিত হৈ পৰিছে দলীয় মেনেজমেন্ট। অৱশ্যে আজিৰ মেচখনত সূর্যকুমাৰে নিজৰ ছন্দ ওভতাই পাব বুলি আশা ব্যক্ত কৰিছে দলীয় মেনেজমেন্টে। আনহাতে, মেচত সঞ্জু ছেমছনক মূল একাদশত অন্তর্ভুক্ত কৰা সন্দৰ্ভত কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাই দলটোৰ অধিনায়ক সূর্যকুমাৰ যাদবে।
