লক্ষ্ণৌক ৭ উইকেটত পৰাস্ত গুজৰাট টাইটানছৰ
ৰঙিলী বাৰ্ত্তাসেৱা- শুভমন গিল নেতৃত্বাধীন গুজৰাট টাইটানছে লক্ষ্ণৌত অনুষ্ঠিত মেচখনত ঘৰুৱা দল লক্ষ্ণৌ ছুপাৰ জায়েন্টছক সহজেই ৭ উইকেটত পৰাস্ত কৰে। মেচখনত ঘৰুৱা দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ১৬৫ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অধিনায়ক শুভমন গিল আৰু জ’ছ বাটলাৰৰ দর্শনীয় অর্ধশতকৰ সহায়ত গুজৰাট টাইটানছে ১৮.৪ অভাৰত তিনিটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। দলীয় স্ক’ৰ ৪৫ ৰানত সাই সুদৰ্শনৰ ৰূপত প্ৰথমটো উইকেট হেৰুৱায় গুজৰাটে। সুদৰ্শনে ১৫ ৰানৰ অৱদান আগবঢ়ায়। সুদর্শন আউট হোৱাৰ পিছত অধিনায়ক গিলে বাটলাৰৰ সৈতে দ্বিতীয় উইকেটত ৮৪ ৰান সংগ্ৰহ কৰি দলৰ বিপৰ্যয় ৰোধ কৰে। গিলে ৪০টা বলত ৫৬ ৰান কৰি বিদায় লোৱাৰ কিছু সময় পিছত বাটলাৰেও পেভিলিয়নমুখী হয়। বাটলাৰে ৩৭টা বলত ৬০ ৰানৰ অৰিহণা আগবঢ়ায়। শেষৰ পিনে বাশ্বিংটন সুন্দৰ আৰু ৰাহুল টেৱাটিয়াই চতুর্থ উইকেটত অপৰাজিতভাৱে ৩০ ৰান সংগ্ৰহ কৰি দলৰ জয় নিশ্চিত কৰে। বাশ্বিংটনে ২১ আৰু টেৱাটিয়াই ১০ ৰান কৰি অপৰাজিত হৈ থাকে। ইয়াৰ পূৰ্বে প্রথমে বেটিং কৰি প্ৰসিদ্ধ কৃষ্ণৰ দুর্দান্ত বলিঙৰ সন্মুখত লক্ষ্ণৌ ছুপাৰ জায়েন্টছে নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৬৪ ৰানহে সংগ্রহ কৰে। গুজৰাটৰ বলাৰৰ সুনিয়ন্ত্ৰিত বলিঙৰ সন্মুখত লক্ষ্ণৌৰ কোনো এজন বেটাৰে দীঘলীয়া ইনিংছ খেলিবলৈ সক্ষম নহ’ল। অ’পেনাৰ মাৰ্কৰামে সর্বাধিক ৩০ ৰান কৰে। মিচেল মার্শ্বে ১১, অধিনায়ক পন্টে ১৮, আয়ুস বাদ’নিয়ে ৯, নিকোলাছ পুৰানে ১৯ আৰু আব্দুল ছামাদে ১৮ ৰান কৰে। গুজৰাটৰ হৈ প্ৰসিদ্ধ কৃষ্ণই সর্বাধিক চাৰিটা উইকেট লাভ কৰে।
