লক্ষীৰাম বৰুৱা সদনত ড° শীলা বৰঠাকুৰৰ জীৱনভিত্তিক উপন্যাস আৰু তথ্যচিত্ৰ উন্মোচন 

লক্ষীৰাম বৰুৱা সদনত ড° শীলা বৰঠাকুৰৰ জীৱনভিত্তিক উপন্যাস আৰু তথ্যচিত্ৰ উন্মোচন 

মৃদুস্মিতা শৰ্মা ,ৰঙিলী বাৰ্ত্তাসেৱা-  সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সহযোগত যোৱা ৩১ মাৰ্চ তাৰিখে গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ জন্মদাত্ৰী তথা প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী ড° শীলা বৰঠাকুৰৰ জীৱনভিত্তিক উপন্যাস আৰু তথ্যচিত্ৰ উন্মোচনী সভা অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে পদ্মশ্ৰী ড° শীলা বৰঠাকুৰৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে সমিতিৰ উপদেষ্টা ড° চাৰু চহৰীয়া নাথে। মাল্য অৰ্পণ কৰে ড° শীলা বৰঠাকুৰৰ একমাত্ৰ পুত্ৰ ড° সঞ্জীৱ বৰঠাকুৰে ৷ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুবৰ্ণ শইকীয়া বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত সমবেত সংগীত পৰিবেশন কৰে কামৰূপ মহানগৰ সমিতিৰ সদস্যা সকলে । বন্তি প্ৰজ্বলনৰে স্বৰ্ণগৰ্ভা মৃণালিনী দেৱীয়ে শুভাৰম্ভ কৰা সভাখন শুভ উদ্ধোধন কৰে কামৰূপ মহানগৰ সমিতিৰ প্ৰাক্তন সভানেত্ৰী নন্দিতা চলিহাই । আদৰণি ভাষণ আগবঢ়াই কামৰূপ জিলাৰ সভানেত্ৰী কমলা উজীৰে । প্ৰধান সম্পাদিকা মনোমতী কুৰ্মীয়ে আঁত ধৰা সভাখনত মুখ্য অতিথি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন মূৰব্বী অধ্যাপক ড° গোবিন্দ প্ৰসাদ শৰ্মাদেৱে মনোজ্ঞ বক্তব্যৰে লেখিকাসকলক অনুপ্ৰাণিত কৰে । সন্মানীয় বিশিষ্ট অতিথি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই মহিলাসকলৰ কথা আৰু কামৰ মাজত কোনো প্ৰভেদ নথকাৰ কথা উল্লেখ কৰে। দুয়োগৰাকী বক্তাই সাহিত্য সেৱাৰ মাধ্যমৰে মহিলাসকলৰ বিপুল উপস্থিতিত অভিভূত হয় ৷ নলবাৰীৰ বিশিষ্ট লেখিকা মৰমী শৰ্মাই লিখা ড° শীলা বৰঠাকুৰৰ বৰ্ণাঢ্য জীৱনভিত্তিক উপন্যাস ‘অপৰাজিতা’ উন্মোচন কৰে বিশিষ্ট সাংবাদিক ,লেখিকা জনপ্ৰিয় আলোচনী নন্দিনীৰ মুখ্য সম্পাদক মাইনী মহন্তই ৷ লেখিকা দৰ্পনা বৰা নেওগৰ দুখন গ্ৰন্থ উন্মোচন কৰে প্ৰমোদ কলিতা আৰু সুবৰ্ণ শইকীয়া বৰদলৈয়ে। ড° সঞ্জীৱ বৰঠাকুৰে মাতৃৰ সোণালী জীৱনৰ সমাজ ,সাহিত্য ,সংস্কৃতিৰ শিক্ষাৰ দিশলৈ আগবঢ়োৱা অনবদ্য অৱদান ভিত্তিক তথ্যসমৃদ্ধ নিৰ্মাণ কৰি উলিওৱা তথ্যচিত্ৰখনি উন্মোচন কৰে বিশিষ্ট অভিনেত্ৰী চেতনা দাসে। তেখেতে ড° শীলা বৰঠাকুৰৰ সান্নিধ্যৰ কথা বক্তব্যত প্ৰকাশ কৰাৰ পিছতে সভাত তথ্যচিত্ৰখনি প্ৰদৰ্শন কৰা হয। অসম সাহিত্য সভাৰ মাননীয় সভাপতি ড° সূৰ্য্যকান্ত হাজৰিকা অনুষ্ঠানত উপস্থিত থাকি বৰ্ণাঢ্য অনুষ্ঠান উপভোগ কৰি অভিভূত হয় আৰু ড° শীলা বৰঠাকুৰৰ লগত একেলগে পদ্মশ্ৰী গ্ৰহণ কৰাৰ গৌৰৱোজ্জ্বল মুহূৰ্তৰ কথা উল্লেখ কৰে । সভাত স্বৰ্ণ বৰুৱা গগৈ , বিভা বুজৰবৰুৱা ,কলকতাৰ বিশিষ্ট কবি ৰাজৰ্ষি নবীশ , ৰঞ্জিত দত্ত , গীতাঞ্জলি দাস ক্ৰ ,চন্দ্ৰপ্ৰভা শইকীয়া ডেকা ,মামনি ভূঞা,মিনতি দলে ,আইমণি ভূঞা ,ডলী গোস্বামী , ড° মনোৰমা শৰ্মা ,জ্যোতি বৰুৱা ,ৰেখা ফুকন ,ৰঞ্জুশ্ৰী বৰ্মন , মৃদুস্মিতা শৰ্মাকে প্ৰমুখ্য কৰি শদিয়াৰ পৰা ধুবুৰীলৈকে বিশিষ্ট লেখিকাসকল উপস্থিত থাকে ৷ সভানেত্ৰীৰ মন্তব্য আৰু জাতীয় সংগীতৰে সভাৰ সামৰণি কৰা হয় ।