লক্ষীমপুৰত এবিভিপিৰ ৩০ সংখ্যক ৰাজ্যিক অধিৱেশনৰ প্ৰস্তুতি

লক্ষীমপুৰত এবিভিপিৰ ৩০ সংখ্যক ৰাজ্যিক অধিৱেশনৰ প্ৰস্তুতি
তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মনিকাঞ্চন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব এবিভিপিৰ ৰাজ্যিক অধিৱেশন

ৰঙিলী বাৰ্ত্তাসেৱা-  অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৩০ সংখ্যক ৰাজ্যিক অধিৱেশন এইবৰ্ষত লক্ষীমপুৰ চহৰৰ মনিকাঞ্চন সমন্বয় ক্ষেত্ৰত (এ.টিম. খেলপথাৰ)ত অনুষ্ঠিত হ’ব। ২৭,২৮ আৰু ২৯ ডিচেম্বৰত মহাপুৰুষ মাধৱদেৱৰ জন্মভূমি লক্ষীমপুৰত অনুষ্ঠিত হ’ব লগীয়া এই ৰাজ্যিক অধিৱেশনত সমগ্ৰ অসমৰ পৰা প্ৰায় ১২০০ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিব।এই অধিৱেশনৰ লগত সংগতি ৰাখি আজি লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ত আদৰণি সমিতি গঠন কৰা হয়।এই সমিতিত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ অধ্যক্ষ দেৱানন্দ হাজৰিকাক সভাপতি তথা এবিভিপিৰ পূৰ্বৰ ৰাষ্ট্ৰীয় সম্পাদক সীমান্ত দাস‌ক সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয়।অসম তথা ভাৰতৰ বিভিন্ন সমস্যা তথা সামগ্ৰিক বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হ’বলৈ এই অধিৱেশনত অসমৰ বিভিন্ন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰিব। অধিৱেশনত বিভিন্ন সাংস্কৃতিক কাৰ্যক্ৰম, প্ৰদৰ্শনী, মুকলি অধিৱেশন, সাংস্কৃতিক শোভাযাত্ৰা আদি অনুষ্ঠিত হ’ব।