লক্ষীধৰ বৰা ক্ষেত্ৰত বিদ্যুতৰ মাচুল বৃদ্ধি-প্ৰিপেইড স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবীত বিশাল সমাৱেশ

লক্ষীধৰ বৰা ক্ষেত্ৰত বিদ্যুতৰ মাচুল বৃদ্ধি-প্ৰিপেইড স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবীত বিশাল সমাৱেশ

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত‌ অল আছাম ইলেকট্ৰিচিটি কনজুমাৰচ এছোচিয়েচনৰ উদ্যোগত বিদ্যুতৰ মাচুল বৃদ্ধি, প্ৰিপেইড স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ আৰু বিদ্যুত খণ্ডৰ বেচৰকাৰীকৰণৰ চক্ৰান্ত বন্ধ কৰাৰ দাবীত এক বিশাল বিদ্যুত গ্ৰাহক সমাৱেশ অনুষ্ঠিত হয়। উল্লেখ্য যে, অল আছাম ইলেকট্ৰিচিটি কনজুমাৰ্চ এছোচিয়েচনৰ পৰিচালনাত যোৱা তিনি মাহ ধৰি ৰাজ্যৰ জিলাই জিলাই গাঁও,চহৰ, তথা‌ প্ৰত্যন্ত অঞ্চলৰ পৰা বিদ্যুত গ্ৰাহকসকলৰ পৰা ওপৰোক্ত দাবীৰ সমৰ্থনত স্বাক্ষৰ সংগ্ৰহ অভিযান পৰিচালিত হয়। এই অভিযানত তিনি লক্ষাধিক বিদ্যুত গ্ৰাহকৰ স্বাক্ষৰ সংগ্ৰহ কৰা হয়। আজিৰ সমাৱেশৰ পক্ষৰ পৰা ৫ জনীয়া এটি সজাতি দলে সংগৃহীত এই তিনি লাখ স্বাক্ষৰ সম্বলিত স্মাৰকপত্ৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰে।আজি বিদ্যুত গ্ৰাহক সমাৱেশত মূখ্যবক্তা হিচাপে বক্তব্য ৰাখে অল ইণ্ডিয়া ইলেকট্ৰিচিটি কনজুমাৰ্চ এছোচিয়েচনৰ কাৰ্যকৰী সভাপতি সমৰ সিংহ’ই। সমাৱেশৰ কাৰ্যসূচী পৰিচালনা কৰে বিদ্যুত গ্ৰাহক আন্দোলনৰ বিশিষ্ট নেতা অজিত আচাৰ্য’ই। সমাৱেশত উদ্বোধনী বক্তব্য ৰাখে এপিডিএল-ৰ অৱসৰপ্ৰাপ্ত ডেপুটি জেনেৰেল মেনেজাৰ বিমল দাসে। বিদ্যুত গ্ৰাহক সংস্থাৰ পক্ষৰ পৰা প্ৰাৰম্ভিক বক্তব্য ৰাখে আহ্বায়ক অজয় আচাৰ্য’ই। তাৰোপৰি সমাৱেশত বক্তব্য ৰাখে অল আছাম ইলেকট্ৰিচিটি কনজুমাৰ্চ এছোচিয়েচনৰ কাছাৰ জিলা কমিটীৰ সভাপতি নিৰ্মল দাসে। সমাৱেশত সঘনে বিদ্যুত মাচুল বৃদ্ধি বন্ধ কৰা, প্ৰিপেইড স্মাৰ্টমিটাৰ প্ৰত্যাহাৰ কৰা আৰু বিদ্যুতখণ্ডক বেচৰকাৰীকৰণৰ চক্ৰান্ত বন্ধ কৰাৰ দাবী কৰাৰ লগতে বিদ্যুত গ্ৰাহকসকলৰ ন্যায়সংগত দাবীত শক্তিশালী প্ৰতিৰোধ আন্দোলন গঢ়ি তোলাৰ সংকল্প ঘোষণা কৰি এটি প্ৰস্তাৱ সৰ্বসম্মতিক্ৰমে গৃহীত হয়।মুখ্যবক্তাৰ ভাষণত সমৰ সিংহ’ই কয় যে, দেশৰ স্বাধীনতা আন্দোলনৰ মাজেৰে সৃষ্টি হোৱা দেশপ্ৰেমিক সচেতনতা আৰু জাগৰণৰ হেঁচাত সিদিনা পানী আৰু অক্সিজেনৰ দৰে আধুনিক জনজীৱনৰ অপৰিহাৰ্য প্ৰয়োজন হিচাপে গ্ৰাহকৰ ক্ৰয়ক্ষমতাৰ সীমাৰ মাজত বিদ্যুতৰ মাচুলৰ হাৰ সীমাবদ্ধ ৰখাৰ প্ৰতিশ্ৰুতি ঘোষণা কৰিবলগা হৈছিল চৰকাৰে। কিন্তু আজি চৰকাৰে অত্যাৱশ্যকীয় সেৱা হিচাপে বিবেচিত আৰু জনসাধাৰণৰ অৰ্থৰে গঢ়ি উঠা বিদ্যুতৰ বিশাল আন্তঃগাথনিক সহ বিদ্যুতখণ্ডক ব্যক্তি মালিকৰ হাতত গতাই দিয়াৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। চৰকাৰৰ এই চূড়ান্ত জনবিৰোধী নীতি আৰু চক্ৰান্ত যিকোনো মূল্যৰ বিনিময়ত প্ৰতিৰোধ কৰিব লাগিব আৰু এই সংগ্ৰামৰ পথত বলিষ্ঠতাৰে আগবাঢ়ি অহাৰ বাবে তেওঁ সকলো বিদ্যুত গ্ৰাহকৰ প্ৰতি আহ্বান জনায়। উদ্বোধনী বক্ত্যবত বিমল দাসে এপিডিচিএলৰ দায়িত্বহীনতা আৰু ব্যৰ্থতাৰ কথা উল্লেখ কৰাৰ লগতে স্মাৰ্ট মিটাৰৰ ভয়াবহতাৰ সম্পৰ্কে সজাগ হোৱাৰ আহ্বান জনায়। আনগৰাকী বক্তা নিৰ্মল কুমাৰ দাসে অহা দিনত গ্ৰাহক আন্দোলনক অধিক শক্তিশালী কৰাৰ আহ্বান জনাই কয়, বিদ্যুতৰ অধিকাৰ মৌলিক অধিকাৰৰ পৰ্যায়ৰ। পুঁজিপতিশ্ৰেণীৰ স্বাৰ্থত চৰকাৰে ৰাইজৰ এই অধিকাৰক সংকুচিত কৰিব ধৰিছে।