যৌৱন – প্ৰভাত বণিয়া

যৌৱন

প্ৰভাত বণিয়া

মনৰ‌ মণিকোঠা
সুগন্ধত‌ আমোলমোল
ৰূপে ৰহণ চৰায়

তিৰ্বিৰাই, জিলমিলাই
জীৱন জাতিষ্কাৰ
শোণিত‌ সাগৰ পাৰহৈ
বুটলি আনিম
বুকুৰ পোৱাল মণি।