যৌন শোষণৰ অভিযোগ প্ৰমাণিত হ’লে ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে যশ দয়ালৰ
ৰঙিলী বাৰ্ত্তাসেৱা- যৌন শোষণৰ গোচৰে জোকাৰিছে ভাৰতীয় ক্ৰিকেটক। এগৰাকী যুৱতীয়ে উত্থাপন কৰা গুৰুতৰ অভিযোগৰ পিছত গাজিয়াবাদ আৰক্ষীয়ে আৰচিবিৰ বলাৰ যশ দয়ালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । ভাৰতীয় ন্যায় সংহিতাৰ ৬৯নং ধাৰাত অভিযুক্ত যশ দয়াল। উত্থাপিত অভিযোগ প্রমাণিত হ’লে গ্রেপ্তাৰো হ’ব পাৰে ক্রিকেটাৰগৰাকী। ইয়াৰ শাস্তি অনুসৰি সৰ্বোচ্চ ১০ বছৰ জে’ল হ’ব পাৰে যশ দয়ালৰ। বিয়াৰ প্রতিশ্রুতি দি দয়ালে শাৰীৰিক আৰু মানসিক নির্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীয়ে। তাৰ ভিত্তিতেই আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। গাজিয়াবাদ আৰক্ষীয়ে জনোৱা অনুসৰি, দ্রুত আদালতলৈ গৈ মেজিষ্ট্ৰেটৰ ওচৰত নিজৰ সাক্ষ্য নথিভুক্ত কৰিব যুৱতীগৰাকীয়ে। ইয়াৰ পিছত শাৰীৰিক পৰীক্ষাও কৰা হ’ব। বিশেষ সূত্ৰৰ খবৰ অনুসৰি, দয়ালৰ বিৰুদ্ধে বৈদ্যুতিন প্রমাণো জমা দিছে অভিযোগকাৰীয়ে। আৰক্ষীয়ে সেইবোৰ পৰীক্ষা কৰিব। অৱশ্যে যুৱতীগৰাকীয়ে মেজিষ্ট্ৰেটৰ সন্মুখত সাক্ষ্য নিদিয়া পর্যন্ত দয়ালৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ কৰা নহয়। যোৱা ২৮ জুনত যুৱতীগৰাকীৰ অভিযোগ পোহৰলৈ আহে। অনলাইনযোগে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ ওচৰতো অভিযোগ দাখিল কৰিছে যুৱতীগৰাকীয়ে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা চক্ৰ বিষয়াক তদন্তৰ নিৰ্দেশ দিয়া হৈছে। ২১ জুলাইৰ ভিতৰত তদন্ত শেষ কৰাৰ নিৰ্দেশ দিয়া হয়।