যৌতুক প্ৰথা আৰু বিবাহ বিচ্ছেদ – শৈলেন কুমাৰ

PC - Feeding Trends

যৌতুক প্ৰথা আৰু বিবাহ বিচ্ছেদ 

-শৈলেন কুমাৰ, মিৰ্জা

বিবাহ হৈছে দুটি মনআত্মা আৰু প্ৰেমৰ প্ৰতীক ৷ য’ত এজনৰ আনজনৰ প্ৰতি শ্ৰদ্ধা,সন্মান আৰু দায়িত্ববোধ দেখিবলৈ পোৱা যায় ৷ কিন্তু বৰ্তমান সমাজত বিবাহৰ সংজ্ঞা সলনি হোৱা পৰিলক্ষিত হৈছে ৷ বিবাহ বৰ্তমান আদানপ্ৰদান আৰু ধনৰ লেনাদেনৰ প্ৰতীক হৈছে ৷ যৌতুকৰ দ্বৰে কুপ্ৰথাই বিবাহৰ ব্যাৱহাৰিক অৰ্থক অনৰ্থক কৰি পেলাইছে ৷ যাৰ পৰিপ্ৰেক্ষিতত আজিৰ সমাজৰ বিবাহ সমুহত বিশৃংখলতাই বিৰাজ কৰিছে,বিবাহ বিচ্ছেদৰ ঘটনা সংঘটিত হৈছে ৷ বিবাহ বিচ্ছেদ,যৌতুক প্ৰথা এইবোৰৰ বাবে আচলতে দায়ী কোন ? যদি আমি গভীৰভাৱে বিশ্লেষণ কৰি চাওঁ তেতিয়া হ’লে জানিম যে পুৰণিকলীয়া যিবোৰ ৰীতিনীতি বৰ্তমান এক বৃহৎ ভাবুকি ৷ ছোৱালী এজনীয়ে সকলো সিদ্ধান্ত লব পাৰে কিন্তু বিবাহৰ সিদ্ধান্ত আনে লয়,মাকবাপেকে ছোৱালী জন্মৰ হোৱাৰ লগেলগে ধন সঞ্জয় কৰিবলৈ উঠিপৰি লাগে কাৰণ তাইক আনৰ ঘৰলৈ উলিয়াই দিব লাগিব ৷ কিন্তু বিবাহৰ বাবে সঞ্জয় কৰা ধনখিনি ছোৱালীজনীৰ শিক্ষাদীক্ষা আৰু স্বাৱলম্বিতা কৰি তোলাৰ ক্ষেত্ৰত খৰচ নকৰে,ভেদাভেদ থাকে, লৰা হ’লে যৌতুক পাব আৰু ছোৱালী হ’লে যৌতুক দিব লাগিব ৷ এইধৰণৰ আওপুৰণি পৰম্পৰা আৰু ৰীতিনীতি বৰ্তমান সময়ত বিবাহৰ দ্বৰে বৈচিত্ৰ্যপূৰ্ণ অৰ্থৰ ৰূপ সলাই পেলাইছে ৷ বিবাহৰ অৰ্থক পূৰ্ণ কৰিবলৈ নিজস্বতা, আত্মস্বভিমান,আনৰ প্ৰতি শ্ৰদ্ধা, সন্মান,আদাৰ,প্ৰেম থাকিব লাগিব ৷ প্ৰেম কেতিয়াও বেপাৰ বাণিজ্য হব নোৱাৰে ৷ সমাজত ছোৱালী এজনীয়ে ধন লৈ সম্বন্ধ স্থাপন কৰিলে বৈশ্যাবৃত্তি কৰা বুজাই আৰু সেই সমাজত একেজন লৰাই ধনসম্পত্তি,যৌতুকলৈ বিবাহ কৰাই তেন্তে সমাজে কি স্বীকৃতি দিয়া উচিত বিবেচনা কৰক ৷